Mission against drugs : লখিমপুৰ আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিলে ড্ৰাগছ সৰবৰাহকাৰীয়ে

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 12:06 PM IST

thumbnail

বিহপুৰীয়া, 9 ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ অবাধ প্ৰচলন ৷ এইবাৰ আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিলে ড্ৰাগছ সৰবৰাহৰ এজন অভিযুক্তই ৷ অভিযুক্তটো ছাদ্দাম হুছেইন ৷ 

শুকুৰবাৰে নিশা আত্মসমৰ্পণ কৰিছে আৰক্ষীক আক্ৰমণ কৰা ড্ৰাগছ সৰবৰাহৰ অভিযুক্ত ছাদ্দাম হুছেইন ওৰফে বুলাইটে । লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে ড্ৰাগছ বেপাৰী ছাদ্দামে । আৰক্ষীৰ হাতত কামুৰি বেলাইতে পলায়ন কৰিছিল বুলি অভিযোগ উঠিছে । 

অসামৰিক পোছাকত লালুক আৰক্ষীয়ে অভিযান চলাইছিল ৷ বঙালমৰাৰ 2 নং আহমেদপুৰত অভিযানৰ সময়তে ছাদ্দাম ওৰফে বেলাইত আৰু পৰিয়ালে আৰক্ষীক আক্ৰমণ কৰিছিল বুলি অভিযোগ উঠে  । ইয়াৰ পিছতে আৰক্ষীৰ বেষ্টনীৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল কুখ্যাত ড্ৰাগছ বেপাৰী ছাদ্দাম হুছেইন ওৰফে বেলাইতে ।

অৱশ্যে সংবাদ মাধ্যমৰ আগত আৰক্ষীক আক্ৰমণ কৰা অভিযোগক নস্যাৎ কৰে অভিযুক্ত ছাদ্দাম হুছেইনে ৷

লগতে পঢ়ক: ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.