ETV Bharat / state

ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 11:30 AM IST

ASP Subhalakshmi arrested without bail in Sivasagar
আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অৱশেষত হাজিৰ হ’ল বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত ৷ জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়াগৰাকীক । বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক ৷

শিৱসাগৰ, 9 ছেপ্টেম্বৰ: অৱশেষত আত্মসমৰ্পণ কৰিলে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই । শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শনিবাৰে হাজিৰ হয় শুভলক্ষ্মী দত্ত । আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মীক । শিৱসাগৰ আৰক্ষীয়ে জিম্মাত লৈছে শুভলক্ষ্মীক । জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়াগৰাকীক।

শনিবাৰ বন্ধৰ দিন হোৱা হেতুকে বিশেষ আদালতত বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মীক হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে । আৰক্ষী বিষয়াগৰাকীৰ ঘৰুৱা বনকৰা মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নাজিৰা থানাত 36/2023 ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

ইয়াৰ উপৰিও 2019 চনত অনিল পাটৰ নামৰ এজন হ'ম গাৰ্ডক নিৰ্যাতন চলোৱা, ৰাজকুমাৰ গগৈ নামৰ এজন দেহৰক্ষী জোৱানক নিৰ্যাতন চলোৱা গোচৰতো শিৱসাগৰ থানাত 159/2019 নম্বৰৰ অধীনত গোচৰ ৰুজু হৈ আছে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 326 আৰু 334/2019 নং গোচৰৰ ভিত্তিত 325/506 আৰু SPACC/C/140/SP (SVR/2019) ৰ অধীনত আৰক্ষীয়ে অব্যাহত ৰাখিছিল ।

উল্লেখ্য যে, শুকুৰবাৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে সংবাদমেল সম্বোধন কৰি অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে বুলি জনায় ৷ সিঙে কয় যে, সমগ্ৰ ঘটনাটোৰ তথ্য শিৱসাগৰ আৰক্ষী অধীক্ষকৰ পৰা CID য়ে বিচাৰিছে ৷ শীঘ্ৰে আত্মসমৰ্পণ নকৰিলে পলাতক ঘোষণা কৰা হ’ব বিতৰ্কিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক ৷

ইয়াৰ পূৰ্বে মঙলবাৰে গুৱাহাটীৰ এগৰাকী প্ৰাক্তন বিধায়কৰ বাসভৱনত শিৱসাগৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ সহযোগত অভিযান চলাইছিল যদিও গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ হৈছিল আৰক্ষী বিষয়াগৰাকীক ৷ বিগত 26 আগষ্টত ভুক্তভোগী বনকৰা মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰাৰ পিচতে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছিল মানৱ অধিকাৰ আয়োগ ৷ মানৱ অধিকাৰ আয়োগতো ৰুজু হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মীৰ বিৰুদ্ধে গোচৰ ৷

লগতে পঢ়ক: ASP Subhalakshmi Dutta case: শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.