ETV Bharat / state

ASP Subhalakshmi Dutta case: শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আৰক্ষীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 6:59 PM IST

বনকৰা মহিলাক অকথ্য শাৰিৰীক, মানসিক নিৰ্যাতন চলোৱা অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আৰক্ষীয়ে ৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে সংবাদমাধ্যমৰ আগত এই কথা অৱগত কৰে ৷

Case Register Against ASP Subhalakshmi Dutta
মানৱ অধিকাৰ আয়োগতো ৰুজু হৈছে শুভলক্ষ্মীৰ বিৰুদ্ধে গোচৰ

জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে

গুৱাহাটী, 8 ছেপ্টেম্বৰ : বনকৰা মহিলাক অকথ্য শাৰিৰীক, মানসিক নিৰ্যাতন চলোৱা অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত ঘৰৰ পৰা পলায়ন কৰাৰ পিছতে অভিযুক্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আৰক্ষীয়ে ৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে সংবাদমাধ্যমৰ আগত এই কথা অৱগত কৰে ৷

শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, সমগ্ৰ ঘটনাটোৰ তথ্য শিৱসাগৰ আৰক্ষী অধীক্ষকৰ পৰা চি আই ডিয়ে বিচাৰিছে ৷ শীঘ্ৰে আত্মসমৰ্পণ নকৰিলে পলাতক ঘোষণা কৰা হ’ব অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক ৷ উল্লেখ্য যে মঙলবাৰে গুৱাহাটীৰ এগৰাকী প্ৰাক্তন বিধায়কৰ বাসভৱনত শিৱসাগৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ সহযোগত অভিযান চলাইছিল যদিও গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ হৈছিল আৰক্ষী বিষয়া গৰাকীক ৷ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ফ্লেটত শুভলক্ষ্মী দত্তই আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Allegation of Corruption : ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টি ৰঙিয়াত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

26 আগষ্টত ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ দিছিল যে তেওঁক শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন চলাইছিল শুভলক্ষ্মী দত্তই ৷ এই সন্দৰ্ভত নাজিৰা থানাত ভাৰতীয় দণ্ডবিধিৰ 324/342/326/307/506 ধাৰাৰ অধীনত 36/23 নম্বৰত গোচৰ ৰুজু কৰা হয় ৷ শুভলক্ষ্মী দত্তই গৰম পানী ঢলাৰ ফলত ভুক্তভোগী মহিলা গৰাকীৰ দেহ 13 শতাংশ জ্বলি গৈছিল ৷ ইতিমধ্যে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মানৱ অধিকাৰ আয়োগ ৷ মানৱ অধিকাৰ আয়োগতো ৰুজু হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মীৰ বিৰুদ্ধে গোচৰ ৷

লগতে পঢ়ক : Bhupen Hazarika: জালুকবাৰীৰ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ অনুষ্টুপীয়া অনুষ্ঠান; মন্তব্য প্ৰদানৰ পৰা বিৰত সাংস্কৃতিক মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.