ETV Bharat / state

Allegation of Corruption : ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টি ৰঙিয়াত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:29 PM IST

ভবেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ মুকলিৰ এমাহ নহওতেই কৰবাত যদি পথটো বহি গৈছে, আন কৰবাত আকৌ পথটোৰ ঠায়ে ঠায়ে বৃহৎ বৃহৎ ফাঁট মেলিছে ৷

Allegation of Corruption in Road Construction
ব্যাপক দুৰ্নীতিৰ অভিযোগ

পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ৰঙিয়া, 8 ছেপ্টেম্বৰ : ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ পথ মুকলিৰ এমাহ নহওতেই কৰবাত যদি পথটো বহি গৈছে, আন কৰবাত আকৌ পথটোৰ ঠায়ে বৃহৎ বৃহৎ ফাঁট মেলিছে ৷ 77 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিগত 13 আগষ্টত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই শুভ উদ্বোধন কৰিছিল পথটোৰ ৷

পথটো বহলিকৰণ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত অটল পথ নামেৰে নামাকৰণ কৰা হৈছিল পথটো ৷ বহু জল্পনা-কল্পনাৰ অন্তত ৰাইজে গুৰুত্বপূৰ্ণ পথটো লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছিল ৷ কিন্তু পথ মুকলিৰ এমাহ নহওতেই পথটোত বৃহৎ বৃহৎ ফাঁট মেলি বহি গৈছে ৷ মুকলিৰ এমাহ নহওতেই ৰঙিয়া নগৰৰ 4 নং ৱাৰ্ডৰ ৰঙিয়া আৰ ডি ৰোড-2 নং পুলিচ পইণ্ট সংলগ্ন হৈ ৰঙিয়া আৰক্ষী থানালৈ যোৱা উপ পথটোৰ এতিয়া এই অৱস্থা ৷ ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা আৰু ৰাইজৰ অভিযোগ কেইবা লাখ টকীয়া পথটো নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷

পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ বাবেই পথ মুকলিৰৰ সময়ত এখন ফলকো লগাই নিদিলে ঠিকাদাৰে ৷ অভিযোগ অনুসৰি অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে পথ নিৰ্মাণত ৷ যাৰ বাবে পথ মুকলিৰ পিছতে এনেদৰে গড়কাপ্তানী পথটো বৃহৎ বৃহৎ ফাঁট মেলি বহি গৈছে ৷ পথ নিৰ্মাণত হোৱা খেলিমেলিৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ ৰাইজৰ অভিযোগ উপৰ মহলক মেনেজ কৰি নিজ মইমতালিৰে পথ নিৰ্মাণ কৰিছে ঠিকাদাৰে ৷

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচৰাৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দ্বাৰা বিষয়টোৰ তদন্তৰ দাবী জনাইছে ৰাইজে ৷ ৰাইজৰ প্ৰশ্ন, ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে ৰাইজে আকৌ দুৰ্ভোগ ভুগিব লাগিব নেকি ? দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক : Theft at Moinbari Satra: মইনবড়ী সত্ৰত চুৰিকাণ্ড; ৰাধা-কৃষ্ণৰ মূৰ্তি লুট, ছিন্ন বিছিন্ন হনুমানৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.