Theft at Moinbari Satra: মইনবড়ী সত্ৰত চুৰিকাণ্ড; ৰাধা-কৃষ্ণৰ মূৰ্তি লুট, ছিন্ন বিছিন্ন হনুমানৰ মূৰ্তি

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 11:39 AM IST

thumbnail

বৰপেটাৰোড, 8 ছেপ্টেম্বৰ : ঐতিহাসিক মইনবড়ী সত্ৰত অঘটন ৷ বৃহস্পতিবাৰে নিশা শ্ৰীশ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাৰ ঐতিহাসিক মইনবড়ী সত্ৰত সংঘটিত হয় এক চুৰিকাণ্ড ৷ চোৰৰ দলে লুটি লৈ যায় শ্ৰীকৃষ্ণৰ সোণৰ মূৰ্তি ৷ লগতে চোৰৰ দললে প্ৰায় পাঁচশ বছৰীয়া হনুমানৰ মূৰ্তিটোৰ মূৰ ভাঙি ছিন্ন বিছিন্ন কৰে ৷

সত্ৰাধিকাৰৰ পুত্ৰ অপূৰ্ব অধিকাৰীয়ে উল্লেখ কৰা  অনুসৰি, প্ৰায় 30 লক্ষাধিক টকাৰ মূল্যবান সা-সামগ্ৰী চোৰে লুটি লৈ যায় ৷ তেওঁ আৰু কয় যে চোৰে মাজনিশা সত্ৰখনৰ তলা ভাঙি সত্ৰত প্ৰৱেশ কৰি চলাইছিল চাফাই অভিযান ৷ আনকি চোৰৰ দলটোৱে প্ৰায় পাঁচশ বছৰীয়া বৰকাঁহ, বৰতাল, শৰাই, সোণৰ কলহ, ঐতিহাসিক মইনবড়ী সত্ৰৰ গুৰু আসনখন আদি লণ্ডভণ্ড কৰে ৷

লগতে সত্ৰৰ সাঁচিপতীয়া গুণমালা পুঁথিখনো চোৰে চুৰ কৰি লৈ যায় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈছে সৰভোগ আৰক্ষী ৷ লগতে আৰক্ষীৰ দলটোৱে এই চুৰিকাণ্ড সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

ইফালে ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পৰিকল্পিতভাৱে সঘনে সংঘটিত হৈ থকা চুৰিকাৰ্য তথা আক্ৰমণ সন্দৰ্ভত কিছু কঠোৰ দৃষ্টি দিবলৈ গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ অপূৰ্ব অধিকাৰীয়ে ৷

লগতে পঢ়ক : Storm ravages Dhansiri sub division: ধনশিৰি মহকুমাক জোকাৰি থৈ গ’ল প্ৰচণ্ড ধুমুহাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.