Rehabilitation in Dhemaji : চিলাপথাৰত ব্ৰহ্মপুত্ৰত খহনীয়াগ্ৰস্ত ১৫০ পৰিয়ালক চৰকাৰী ভূমিত সংস্থাপন

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 5:34 PM IST

thumbnail

জোনাই, ৯ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত ১৫০ পৰিয়ালক চৰকাৰী ভূমিত সংস্থাপন ৷ জিলাখনৰ চিচিবৰগাঁও ৰাজহচক্ৰ অন্তৰ্গত নামনি চিচি টঙানী গাঁও পঞ্চায়তৰ চিচি চুমনী,মৌজা চাপৰি,ৰাংকপ চাপৰি,চিচি কঁঠাল গুৰি, চিচি চুমনী,শিয়ালমৰা,শুকান চাপৰি আদি ব্ৰহ্মপুত্ৰৰ ধাৰাবাহিক খহনীয়াত ভুক্তভোগীয়ে লাভ কৰিলে পুনৰ সংস্থাপন । পঞ্চায়তখনৰ ১৫০ টাৰো অধিক পৰিয়ালে ঘৰ-বাৰী,মুল্যবান গছ-গছনি,শস্য পথাৰ হেৰুৱাই সমস্যাৰ মাজত দিন‌ অতিবাহিত কৰি আহিছিল ।

‌এনে সময়তে মিচিং সংগঠন TMPK,MMK আৰু TMMKৰ তৎপৰতাত চিচি কলঘৰ নৈপৰীয়া চাতমাৰিৰ বিশাল ভূমিখণ্ডত ৰাইজক স্থায়ীভাৱে সংস্থাপনৰ ব্যৱস্থা কৰা হয় । শুক্ৰবাৰে বহু লোকে হাতে হাতে দা,কুঠাৰ,বাঁহ,কাঠ আদি সৰঞ্জাম লৈ চৰাঞ্চলটোত উপস্থিত হয় । তেওঁলোকে নিৰ্দিষ্ট এডোখৰকৈ ভূমি দখল কৰি খুটা পুতি ঘৰ নিৰ্মাণৰ ব্যবস্থা কৰে । এই লোকসকলে পুনৰ সংস্থাপনৰ ব্যবস্থাৰ বাবে বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাকো ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:Interaction with Assamese actor: কিয় ৰাজনীতি ত্যাগ কৰিলে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.