ETV Bharat / state

Interaction with Assamese actor: কিয় ৰাজনীতি ত্যাগ কৰিলে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে ?

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:26 PM IST

বিতৰ্কত সোমাই ভাল পাই নেকি অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক ? কিয় বাৰে বাৰে তেওঁক লৈ হয় বিতৰ্ক ? কি কাৰণত বিজেপি দল ত্যাগ কৰিলে অভিনেতা গৰাকীয়ে ? এই সকলোবোৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ অভিনেতাগৰাকীৰ । চাওক এক বিশেষ সাক্ষাৎকাৰ ।

Interview of actor Baikuntha Prince Pathak
কিয় ৰাজনীতি ত্যাগ কৰিলে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে

কিয় ৰাজনীতি ত্যাগ কৰিলে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে

গুৱাহাটী,৮ ছেপ্টেম্বৰ: সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চাত থকা এগৰাকী অভিনেতা । নাম বৈকুণ্ঠ প্ৰিন্স পাঠক । বহু ধাৰাবাহিক, ছবিত অভিনয়ৰ জৰিয়তে অভিনেতাগৰাকীয়ে ইতিমধ্যে সাংস্কৃতিক জগতখনত এক স্থান লাভ কৰিবলৈ সক্ষম হৈছে । অভিনয়ৰ জৰিয়তে জনপ্ৰিয় হোৱা অভিনেতাগৰাকী বৰ্তমান সময়ত প্ৰায়ে সামাজিক মাধ্যমত চৰ্চাত থকা দেখা যায় ।

২০১৯ চনৰ 'কা' আন্দোলনৰ সময়ত শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰি, কা বিৰোধী যুজঁত নামি পৰিছিল অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক । সেই সময়ত কা আন্দোলনত নামি পৰা শিল্পীসকলৰ ভিতৰত অন্যতম আছিল বৈকুণ্ঠ প্ৰিন্স পাঠক । কিন্তু কা বিৰোধী যুজঁখন কিছু শাম কটাৰ লগে লগে এদিন হঠাৎ বিজেপিত যোগ দিছিল অভিনেতাগৰাকীয়ে ।

বিজেপিত যোগদানৰ পিছতেই অভিনেতাগৰাকী সন্মুখীন হৈছিল বহু সমালোচনাৰো । তেতিয়াৰে পৰা আজি কিছুদিনৰ পূৰ্বলৈ বিজেপিকৰ্মী হিচাপে সক্ৰিয়কর্মী হিচাপে কাম কৰি আছিল বৈকুণ্ঠ প্ৰিন্স পাঠকে । কিন্তু প্ৰায় এমাহ পূৰ্বে হঠাৎ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ফেচবুক পোষ্টযোগে বিজেপি দল ত্যাগ কৰিছিল অভিনেতাগৰাকী । সামাজিক মাধ্যমত প্ৰায়ে সন্মুখীন হোৱা বিতৰ্কৰ লগতেই তেওঁ নিজকে নেতা নে অভিনেতা বুলি পৰিচয় দি ভাল পাব বুলি সোধা প্ৰশ্নৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা গৰাকীয়ে কয় যে, জীৱনত মানুহে সকলো কামেই কৰিব লাগে ।

যিটো কাম কৰি আটাইতকৈ ভাল লাগে সেইটো কামটো বেছিকৈ কৰিব লাগে । অভিনয় ভাল পায় বুলি উল্লেখ কৰি কিন্তু অভিনেতা বুলিয়ে মোৰ জাতিটোক ভাল নাপাম বা কাম নকৰিম সেইটো কথা নহয় । সাংগঠনিক মানুহৰ এটা স্থিতি লাগে । সকলো কথাতেই আমি চৰকাৰলৈ আশা কৰিম যে সেইটো কথা নহয় বুলি উল্লেখ কৰে ।

বিজেপি দল ত্যাগ কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে বহুতে বহু মন্তব্য কৰিছে কিন্তু তেওঁ কাম তাত গুৰুত্ব দিয়াটো নহয় । কোনোবা আহিব বুলিয়ে তেওঁ গামোচা এখন পিন্ধাবলৈ ৰৈ থাকিব নোৱাৰে বুলি মন্তব্য কৰে । কোনো ৰাজনৈতিক নেতাৰ লগতেই ব্যক্তিগত শত্ৰুতা তথা সমাজিক শত্ৰুতা নাই কেৱল আমাৰ কামৰ তাৰাতাম্য থকা বুলি জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে ।

ৰাজনীতিৰ সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয় যে "গণতান্ত্ৰিক দেশ এখনত ৰাজনীতি লাগিব । ৰাজনীতি নাথাকিলে কেনেকৈ চলিব ? ৰাজনীতি কৰিব লাগিব । কিন্তু সততাৰ ৰাজনীতি কৰিব লাগিব । মই ভাবিছোঁ যে মোৰ কাৰণে এই পথটো সুগম নহয় । কাৰণ ৰাজনীতিত থাকিলে মই কেতিয়াও মূল্যবৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰো ।" ইটিভি ভাৰতৰ সাংবাদিক দীপাঞ্জলি শৰ্মাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এইদৰেই মনৰ ভাৱ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক: G Marimuthu Died: জেইলাৰৰ অভিনেতা জি মৰিমুথুৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.