Crackdown against child marriage: আমাৰ গাত ভুল আছে, জনজাতি ল’ৰাই কম বয়সতে বিয়াত বহে: ৰমাকান্ত দেউৰী

By

Published : Feb 4, 2023, 10:41 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

মৰিগাঁও, 4 ফেব্ৰুৱাৰী: বাল্যবিবাহ বিৰোধী অভিযানত শতাধিক স্বামী গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ(Ramakanta Deuri on child marriage operation) ৷ শনিবাৰে সংবাদমাধ্যৰ আগত তেওঁ কয়,‘‘আমাৰ গাত ভুল আছে ৷ আমাৰ জনজাতি ল’ৰাই 13-14 বছৰ বয়সত বিয়াত বহে ৷ মোৰ হাতত তথ্য আছে ৷ এজন জনপ্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰীক এই কথা অৱগত কৰিম ৷’’

লগতে, মুখ্যমন্ত্ৰীৰ পদক্ষেপক এক ভাল পদক্ষেপ বুলিও কয় বিধায়কগৰাকীয়ে ৷ জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিবলৈহে মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে ৰমাকান্ত দেউৰীয়ে ৷ ইয়াৰ বিৰুদ্ধে ৰাজ্যত সমালোচনা হৈছে যদিও কিন্তু লাহে লাহে এই সমস্যাৰ সমাধান বুলিও কয় বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে,শনিবাৰে বাল্যবিবাহৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা স্বামীৰ জামিন আবেদন কৰিবলৈ আহি মৰিগাঁও আদালত চৌহদত ভিৰ কৰিলেহি ভূক্তভোগী মহিলাই(Operation against child marriage) ৷  কিন্তু বিয়লি ভাগলৈ কাৰাবন্দী স্বামীৰ জামিন লাভৰ সম্ভাৱনা নেদেখি ভুক্তভোগী মহিলা আৰু আত্মীয়ই আদালতৰ চৌহদতে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে(Child marriage cases in Morigaon) । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আদালত চৌহদত উপস্থিত হয় মৰিগাঁও আৰক্ষী আৰু চি আৰ পি এফ বাহিনী ।  

মৰিগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশালৈকে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মুঠ 77গৰাকী লোকক ৷ ইয়াৰে 45গৰাকী স্বামী আৰু এগৰাকী কাজীক প্ৰেৰণ কৰে কাৰাগাৰলৈ ৷ আনহাতে শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা মুঠ 94গৰাকী লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ বাল্যবিবাহৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলিও মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে(Crackdown against child marriage) ৷ 

আনহাতে, বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, আগতে চীন আছিল অধিক জনসংখ্যা থকা দেশ ৷ এতিয়া ভাৰতে জনসংখ্যাৰ ক্ষেত্ৰত চীনক চেৰ পেলাই বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ হ’বলৈ গৈ আছে । সেয়েহে, মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে তাক সকলো জাতি-জনগোষ্ঠীৰ লোকে সহযোগিতা আগবঢ়োৱা উচিত ৷ 

লগতে পঢ়ক: Child Marriage in Jorhat: উদ্বেগজন ! JMCHত 2022 বৰ্ষত সন্তান প্ৰসৱ 340গৰাকী কিশোৰীৰ

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.