Child Marriage in Jorhat: উদ্বেগজন ! JMCHত 2022 বৰ্ষত সন্তান প্ৰসৱ 340গৰাকী কিশোৰীৰ

By

Published : Feb 4, 2023, 9:10 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

যোৰহাট, 4 ফেব্ৰুৱাৰী: বাল্যবিবাহৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে ৰুজু কৰিছে 25 টা গোচৰ (Child marriage in Jorhat district) ৷ তেনে সময়তে জিলাখনত পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য ৷ যি তথ্যই উন্মোচিত কৰিছে জিলাখনত সম্পন্ন হোৱা বাল্যবিবাহৰ এক ভয়ংকৰ ছবি ৷ তথ্য দেখিলে আচৰিত হ’ব আপুনিও ৷  

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ (JMCH) অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই উন্মোচিত কৰিছে এই ভয়ংকৰ তথ্য(Child marriage cases in Jorhat) ৷ ডাঃ পূৰ্ণিমা বৰুৱাই সদৰী কৰা অনুসৰি যোৰহাট চিকিৎসা মহাবিদ্যলয়ত 2022 বৰ্ষত সন্তান প্ৰসৱ কৰিছিল মুঠ 340 গৰাকী কিশোৰীয়ে ৷ ইয়াৰে 306 গৰাকী 18 বছৰ বয়সৰ আৰু 34 গৰাকী 18 বছৰৰ তলৰ বয়সৰ ৷ সন্তান জন্ম দিয়া 18 বছৰৰ নিম্নৰ 34গৰাকী কিশোৰীৰ ভিতৰত 27 গৰাকী 17 বছৰৰ তলৰ আৰু 7 গৰাকী 16 বছৰৰ তলৰ ৷ এই উদ্বেগজনক তথ্যই এতিয়া আচৰিত কৰি তুলিছে জিলাবাসীক(Jorhat child marriage operation) ৷  

বাল্যবিবাহ আৰু সচেতনতাৰ অভাৱৰ বাবেই যে কিশোৰীয়ে মাতৃত্বৰ বোজা বহন কৰিব লগীয়া হৈছে সেই কথা স্পষ্ট হৈ পৰিছে এই তথ্যৰ পৰা ৷ আৰক্ষীয়ে ৰুজু কৰা গোচৰতকৈ যে জিলাখনৰ প্ৰকৃত তথ্য অধিক ভয়াৱহ সেই কথা ইয়াৰ পৰাই অনুমান কৰিব পাৰি ৷ জিলাখনৰ আন আন চিকিৎসালয়সমূহৰ তথ্য পোহৰলৈ আহিলে হয়তো এই সংখ্যা হ’বগৈ সহস্ৰাধিক ৷ কিন্তু আৰক্ষীৰ হাতত পৰা তথ্য কিয় তেনেই নগণ্য তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে যোৰহাটৰ সচেতন ৰাইজে ৷  

যোৰাহাট চিকিৎসা মহাবিদ্যালয়ে উন্মোচন কৰা এই তথ্যৰ পাচত আৰক্ষীয়ে এতিয়া কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষণীয় ৷ স্বাস্থ্যবিভাগ আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্যইহে উদঙাব জিলাখনৰ প্ৰকৃত ছবি ৷  ইফালে, বাল্যবিবাহৰ তথ্য লাভ কৰিলেই গোচৰ ৰুজু কৰা হ’ব বুলিও সদৰী কৰিছে আৰক্ষীয়ে(Anti child marriage drive in Assam) ৷ 

বৰ্তমানলৈকে ৰাজ্যত মুঠ 4004 টা বাল্যবিবাহৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 2258 গৰাকী লোকক ৷ 

লগতে পঢ়ক: AIUDF PC regarding child marriage: আইন-আদালত নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছে মুখ্যমন্ত্রীয়ে: এ আই ইউ ডি এফ

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.