Rajnath Singh visits Tawang : ভাৰত-চীন সীমান্তৰ বুমলাত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 1:36 PM IST

Updated : Oct 24, 2023, 1:44 PM IST

thumbnail

তেজপুৰ, ২৪ অক্টোবৰ : মঙলবাৰে ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সোমবাৰে তেজপুৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হোৱাৰ পিচত মঙলবাৰে তেজপুৰ বায়ু সেনাৰ ALH ৰে টাৱাঙত উপস্থিত হয় ।  

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত চীন সীমান্ত বুমলা পাচত উপস্থিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লয় । সেনাৰ অত্যাধুনিক টেলিস্কোপৰ জৰিয়তে সীমান্তৰ চকীৰ পৰ্যবেক্ষণ কৰে । বুমলা পাচত সেনাৰ বাহিনীৰ জোৱানৰ লগত দশমীৰ মিঠায়ো বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।

প্ৰচণ্ড শীতৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে টাৱাঙৰ ৱাৰ মেম’ৰিয়েলত উপস্থিত হৈ বীৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে । তাৰ পাচত তেওঁ দেশৰ সুৰক্ষাৰ দায়িত্ব দিনে নিশাই নিয়োজিত হৈ থকা বীৰ সৈনিকসকলৰ সৈতে সময় অতিবাহিত কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ লগত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, ইষ্টাৰ্ণ কমাণ্ডাৰ ৰানা প্ৰতাপ কলিতা ওউপস্থিত থাকে ।

লগতে পঢ়ক : Defence Minister Rajnath singh: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখত ভাৰতত চীন সেনাৰ বলপূৰ্বক প্ৰৱেশৰ দৃশ্য প্ৰদৰ্শন

Last Updated : Oct 24, 2023, 1:44 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.