ন্যায় যাত্ৰা : বেনাৰত একেলগে ৰাহুল-অংকিতা

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 4:19 PM IST

thumbnail

আমগুৰি, 17 জানুৱাৰী : আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ চতুৰ্থটো দিন ৷ মঙলবাৰে পুৱা নাগালেণ্ডৰ কোহিমাৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যাত্ৰা আৰম্ভ কৰে ৷ ইয়াৰ পিচতে এতিয়া কংগ্ৰেছী নেতাগৰাকীক আদৰিবলৈ অসমত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পূৰ্বে কংগ্ৰেছৰ নিলম্বিত নেত্ৰী অংকিতা দত্তৰ সমৰ্থনত বৃহৎ বেনাৰ দেখা গৈছে আমগুৰি চহৰত ৷
 

কাইলৈ অৰ্থাৎ 18 জানুৱাৰীত শিৱসাগৰ জিলাৰ আমগুৰিত পদাৰ্পণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ ইয়াৰ সমান্তৰালকৈ গৌৰীসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰি দিয়া হৈছে ৰাহুল গান্ধীৰ সৈতে অংকিতা দত্তৰ ফটো সম্বলিত বেনাৰ ৷ বেনাৰখনত অংকিতা দত্তৰ বাবে ন্যায় বিচাৰি আহ্বান জনোৱা হৈছে । লগতে বেনাৰখনত লিখা হৈছে "নাৰীয়ে সন্মান পোৱালৈকে ,ন্যায়ৰ অধিকাৰ পোৱালৈকে।"
 

জানিব পৰামতে, আমগুৰি ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিনতি নেওঁগ ফুকনৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত কৰা হৈছে বেনাৰখন। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ আমগুৰি ভ্ৰমণৰ পূৰ্বে বেনাৰখনে যথেষ্ট তাৎপৰ্য বহন কৰিছে । আনহাতে আমগুৰি কংগ্ৰেছে এই সন্দৰ্ভত বিৰোধীৰ চক্ৰান্ত বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা; নাগালেণ্ডত জনসাধাৰণৰ ব্যাপক সঁহাৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.