ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা; নাগালেণ্ডত জনসাধাৰণৰ ব্যাপক সঁহাৰি

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 8:07 PM IST

thumbnail

নিউজ ডেস্ক, ১৬ জানুৱাৰী : নাগালেণ্ডৰ কোহিমাৰ পৰা মঙলবাৰে পুৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ তৃতীয়টো দিন আৰম্ভ হয় । সোমবাৰে এই যাত্ৰা চেকমাইৰ পৰা আৰম্ভ হৈ মণিপুৰৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰে ।  

মঙলবাৰে পুৱা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নাগালেণ্ডৰ কোহিমাত স্থানীয় লোকসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সমস্যা সন্দৰ্ভত বাৰ্তালাপ কৰে । আনহাতে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই কোহিমাত স্থানীয় ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হয় ।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক্সত নাগালেণ্ডৰ পথৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰে । উল্লেখ্য যে মঙলবাৰে এই যাত্ৰাৰ তৃতীয়টো দিন কোহিমাৰ ওচৰৰ বিশ্বেমাৰ পৰা আৰম্ভ হয় ।

ইফালে সোমবাৰে সন্ধিয়া মণিপুৰত এই যাত্ৰা সম্পূৰ্ণ কৰি নাগালেণ্ডত প্ৰৱেশ কৰাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । 

লগতে পঢ়ক :ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ন্যায় যোদ্ধা হ'বলৈ আহ্বান অলকা লাম্বাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.