Protest in Jorhat : জলবিদ্যুৎ প্ৰকল্প-পাম অইলৰ খেতি বন্ধ কৰা দাবীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 6:28 PM IST

thumbnail

যোৰহাট, 9 নৱেম্বৰ : ফ'ৰাম ফৰ আছাম আৰু বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ সহযোগত বৃহস্পতিবাৰে অসমত পাম অইলৰ খেতি আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ কৰাৰ দাবীত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধমৰ্ঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰাই জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী সংগঠন কেইটাই ৷

প্ৰতিবাদকাৰী সকলে কয় যে, নামনি সোৱনশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ প্ৰতিচ্ছবি 17 অক্টোবৰত সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিছে ৷ এই বান্ধে নদীপৰীয়া ৰাইজক এক ভয়ংকৰ ভৱিষ্যতৰ দিশে ঠেলি দিলে আৰু জৈৱ বৈচিত্ৰ্য লৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷

জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীৰ সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন দেশত নিষিদ্ধ পাম অইলৰ খেতি চৰকাৰে কৰিবলৈ লোৱা কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰে আৰু প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থত এই খেতি বন্ধ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ ৰাইজৰ সুৰক্ষা আৰু ভৱিষ্যতৰ স্বাৰ্থত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যোৱাৰো হুংকাৰ প্ৰদান কৰে সংগঠন কেইটাই ৷ 

লগতে পঢ়ক : Aam Aadmi Party Assam : আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক দাবী আপ অসমৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.