ETV Bharat / state

Aam Aadmi Party Assam : আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক দাবী আপ অসমৰ

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:51 PM IST

আশা কৰ্মীসকলক শ্ৰম আইন অনুসৰি মাহিলী দৰমহা সুনিশ্চিত কৰাৰ দাবী জনাইছে আম আদমি পাৰ্টিয়ে ৷ আশা কৰ্মীসকলে বৰ্তমান লাভ কৰি থকা মাননিৰে পৰিয়াল চলাতো বাদেই এজন মানুহৰে ভাত মুকলি নহয় বুলি মন্তব্য আপ, অসমৰ ৷

Aam Aadmi Party Assam
আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী আপ অসমৰ

গুৱাহাটী, ৯ নবেম্বৰ : অসম চৰকাৰে পাৰিতোষিকৰ নামত আশা কৰ্মীসকলক পুতৌলগা মাননি প্ৰদানেৰে আশা কৰ্মীসকলক অন্যায় কৰিছে বুলি আপ, অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই অভিযোগ কৰিছে । বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত কয় তেওঁ কয় যে ৰাজ্যজুৰি অব্যাহত থকা আশা কৰ্মীসকলৰ প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আপ, অসমে আগবঢ়াইছে৷

ইতিমধ্যেই আপ, অসমে ভিন্ন সময়ত আশা কৰ্মী, আংগনৱাড়ী কৰ্মী আৰু ৰান্ধনী সহায়িকাসকলৰ হৈ চৰকাৰক দাবী জনাই আহিছে ৷ তেওঁ কয় যে কিছু বছৰৰ আগতে আশাকৰ্মীসকলৰ বাবে চৰকাৰে মাহিলী ৩০০০ টকাকৈ দৰমহা ঘোষণা কৰিছিল যদিও তথ্য অনুসৰি এয়া মাথোঁ উদগনিমূলক মাননিহে ৷

উক্ত টকাৰে এটা পৰিয়াল চলাতো বাদেই এজন মানুহৰে ভাত মুকলি নহয় বুলি মন্তব্য কৰে আপ, অসমে ৷ কষ্টকৰ টাৰ্গেটসমূহ পূৰণ কৰাৰ পাচতো কিন্তু কেতিয়াবা ৬ মাহলৈকে মাননি নাপায় আশা কৰ্মীসকলে ৷ হাতীবৰুৱাই লগতে কয় যে যিকোনো চৰকাৰী বিভাগে আশা কৰ্মীসকলক ভিন্ন কামত নিয়োজিত কৰোৱাই কেতিয়াবা পাবলগীয়া পাৰিতোষিকো নিদিয়ে ৷

ৰ’দ বৰষুণক ভ্ৰূক্ষেপ নকৰি ভেকচিন কেৰিয়াৰ কান্ধত লৈ ঘৰে ঘৰে পলিঅ’ প্ৰতিষেধক প্ৰদান কৰাৰ বাবদ দিনটোৰ হিচাপত চৰকাৰে দিয়ে মাত্ৰ ৭৫ টকা । তেওঁ কয় যে কৰ’ণা কালত দিনে-নিশাই জনসেৱা কৰা আশা কৰ্মীসকলক নিৰ্বাচনৰ সময়তো কামত লগালে অসম চৰকাৰে ৷ কিন্তু পৰিতাপৰ বিষয় যে আজিপৰ্যন্ত সৰহসংখ্যক আশাই নাপালে মাননি ৷

বহুতো আশা কৰ্মীয়ে সংঘবদ্ধভাবে আহ্বান জনোৱাৰ পাচতো চৰকাৰে আশাসকলক স্বেচ্ছাসেৱী কৰ্মীৰ নাম দি উপহাস কৰিছে ৷ কুষ্ঠৰোগৰ চিনাক্তকৰণৰ বাবে আশাকৰ্মীসকলক উপযুক্ত প্ৰশিক্ষণৰ অবিহনে নিয়োজিত কৰি দৈনিক মাথোঁ ৭৫ টকাকৈ মজুৰিৰ প্ৰতিশ্ৰুতি দিয়াত ক্ষুণ্ণ হৈছে আম আদমি পাৰ্টী ৷

অম্লানজ্যোতি হাতীবৰুৱাই কয় যে ২০২১ চনৰ আগষ্ট মাহৰ কুষ্ঠৰোগ জৰীপৰ মাননি এতিয়াও লাভ কৰা নাই আশা কৰ্মীসকলে ৷ আপ, অসমে অতিশীঘ্ৰে আশা কৰ্মীসকলৰ বকেয়া মাননি মোকলাই দিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে আশা কৰ্মীসকলক শ্ৰম আইন অনুসৰি মাহিলী দৰমহা সুনিশ্চিত কৰাৰ দাবী জনায়৷ সংবাদমেলত আপ, অসমৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথ আৰু আৰতি দেৱীও উপস্থিত থাকে ৷

লগতে পঢ়ক : ASHA worker: পোন্ধৰ হাজাৰ দৰমহা আৰু স্কুটী দিলে আমি সকলো কাম কৰিবলৈ সাজু- আশা কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.