Protest at Rohmoria: ৰহমৰীয়াত কোটি টকীয়া জিঅ' বেগৰ আঁচনিৰ কামত ব্যাপক বিসংগতি; ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 10:11 PM IST

thumbnail

ডিব্ৰুগড়, 17 ছেপ্টেম্বৰ: ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৰম্ভ কৰা কেইবা কোটি টকাৰ জিঅ' বেগ প্ৰকল্পত অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ পৰা নিজৰ মাটি-ভেঁটি সুৰক্ষিত কৰাৰ লক্ষ্যৰে কেইবা দশক ধৰি বৃহত্তৰ ৰহমৰীয়াৰ ৰাইজে দীৰ্ঘদিনীয়া গণ সংগ্ৰাম অব্যাহত ৰাখিছিল ৷ ফলশ্ৰুতিত ৰহমৰীয়াক গৰাখহনীয়া কবলৰ পৰা সুৰক্ষিত কৰিবলৈ বৰ্তমানৰ চৰকাৰখনে কেইবা কোটি টকীয়া জিঅ' বেগৰ আঁচনিৰ কাম আৱন্টন দিছিল ৷

কিন্তু চাৰি মাহ সম্পূৰ্ণ নহওঁতে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত সংস্থাপিত কৰা শতাধিক জিঅ' বেগ পঁচি যোৱাৰ লগতে বহু বালি ভৰ্তি বেগৰ চিলাই মুকলি হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ জলসম্পদ বিভাগৰ একাংশ বিষয়া তথা দায়িত্ব প্ৰাপ্ত বিভাগীয় কৰ্মচাৰীয়ে সঠিকভাৱে কোটি টকীয়া জিঅ' বেগৰ আঁচনিৰ কাম নিৰীক্ষণ নকৰাত মাজঘাটৰ সমীপত চাৰি মাহতে জিঅ' বেগ সমূহ পঁচি গৈছে ৷ ফলত পুনৰ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

সেয়েহে শংকিত হৈ পৰা ৰাইজে কোটি টকাৰ জিঅ' বেগত প্ৰকল্পৰ কাম সঠিক ৰূপত ৰপায়ণ কৰাৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই আহে ৷ নৈপৰীয়া ভুক্তভোগী ৰাইজে চৰকাৰ তথা জলসম্পদ বিভাগক সমগ্ৰ নিৰ্মাণ কাৰ্যৰ তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে ৷ 

লগতে পঢ়ক: Assam Governor : চন্দ্ৰপুৰত প্ৰকল্প পৰিদৰ্শন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.