Assam Governor : চন্দ্ৰপুৰত প্ৰকল্প পৰিদৰ্শন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াৰ

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 9:03 PM IST

thumbnail

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ নিকটবৰ্তী চন্দ্ৰপুৰস্থিত ব্লু-বেৰী ইণ্ডাষ্ট্ৰিছত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা । এই উপলক্ষে চন্দ্ৰপুৰৰ ব্লু-বেৰি ইণ্ডাষ্ট্ৰিছত আয়োজন কৰা পূজাৰ মাংগলিক অনুষ্ঠানত দেওবাৰে বিয়লি উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া ।  

ৰাজ্যপালগৰাকীয়ে বিশ্বকৰ্মা পূজাত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ কাৰ্যসূচীৰ অংশ হিচাপে ব্লু-বেৰী ইণ্ডাষ্ট্ৰিছ চৌহদত মূল্যবান গছপুলি ৰোপণ কৰে । ইয়াৰ পিচতেই ৰাজ্যপালগৰাকীয়ে ব্লু-বেৰি ইণ্ডাষ্ট্ৰিছৰ চৌহদ পৰিভ্ৰমণ কৰাৰ লগতে ইয়াৰ কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰে ।

ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই ৰাজ্যৰ কৃষকসকলক অৰ্থনৈতিক দিশত লাভবান হ'বলৈ গো পালন কৰি গাখীৰৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে ব্লু-বেৰি ইণ্ডাষ্ট্ৰিছত আমূল গাখীৰৰ এটি প্ৰকল্পও চলি আছে ।

লগতে পঢ়ক:Dr Numal Momin: নিৰ্বাচনৰ সময়ত বিৰোধীয়ে কেলেংকাৰীৰ কথা কোৱাটো স্বাভাৱিক; ডাঃ নোমল মমিন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.