Dr Numal Momin: নিৰ্বাচনৰ সময়ত বিৰোধীয়ে কেলেংকাৰীৰ কথা কোৱাটো স্বাভাৱিক; ডাঃ নোমল মমিন

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 3:14 PM IST

Updated : Sep 17, 2023, 6:08 PM IST

thumbnail

ডিব্ৰুগড়,17 ছেপ্টেম্বৰ: ভূমি কেলেংকাৰীক লৈ বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল-সংগঠনে মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । আনকি শেহতীয়াকৈ হোৱা অসম বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ সদন উত্তাল কৰিছিল বিৰোধীয়ে । কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে অনা ভূমি কেলেংকাৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ৷

মৰাণহাটত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে কয়,‘‘ৰাজনীতিত এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলৰ কেলেংকাৰীৰ কথা কোৱাতো স্বাভাৱিক । এতিয়া লোকসভা নিৰ্বাচন আহিছে, বিজেপিৰ বিভিন্ন কেলেংকাৰীৰ কথা বিৰোধীয়ে ক'বই । বিজেপি দল সদায় ৰাইজৰ লগত আছে । ৰাইজক কেনেকৈ বিভিন্ন আঁচনিৰ সুবিধা দিব পাৰি, তাৰ চেষ্টা চৰকাৰে কৰি থকা সময়ত বিৰোধীয়ে বিভিন্ন কেলেংকাৰীৰ কথা কৈ ৰাইজৰ মাজত বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে ।’’

লগতে পঢ়ক:Paddy insect scare: সেউজীয়া পথাৰত চৰহা পোকৰ তাণ্ডৱ; বিভাগক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ অতুল বৰাৰ

Last Updated : Sep 17, 2023, 6:08 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.