ৰঙিয়াত চাইকেল চোৰ কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰিল ড্ৰাগছ সেৱনকাৰী

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 10:38 AM IST

thumbnail

ৰঙিয়া, 23 নৱেম্বৰ : চাইকেল চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰ ৷ বুধবাৰে ৰঙিয়াৰ মূৰাৰাত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰে এঘৰ লোকৰ চোতালত এখন চাইকেল ৰখাই থোৱা আছিল ৷ তেনে সময়তে চোৰটোৱে চাইকেলখন লৈ যোৱাৰ চেষ্টা কৰে ৷ সেই সময়তে গৃহস্থই হাতে-লোটে ধৰা পেলাই চোৰটোক ৷ তাৰ পাচতে ৰাইজে চৰ, ভুকু সোধাই চোৰটোক ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে চোৰটোক আৰক্ষীৰ ওচৰত গতাই দিয়ে ৷ ধৃত চোৰটোৰ নাম মিণ্টু আলী বুলি জানিব পৰা গৈছে ৷

ইফালে ৰাইজৰ ৰোষত পৰা চোৰটোৱে কিয় চাইকেল চোৰ কৰিবলৈ আহিছিল সেই কথা কেমেৰাৰ সন্মুখত বৰ্ণনা কৰিলে মন্টু চোৰে ৷ চোৰটোৱে কয়, ‘‘মই সদায় ড্ৰাগছ খাও ৷ ড্ৰাগছ নাখালে থাকিবই নোৱাৰো ৷ ড্ৰাগছ খাবলৈ আজি টকা নাছিল ৷ দৈনিক মোক ড্ৰাগছ খাবলৈ 200 টকা লাগে ৷ সেয়ে চাইকেল চোৰ কৰিবলৈ লৈছিলোঁ ৷’’

লগতে পঢ়ক:আমিনগাঁৱত ৯০ টা চাবোনৰ কেচত ড্ৰাগছ জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.