আমিনগাঁৱত ৯০ টা চাবোনৰ কেচত ড্ৰাগছ জব্দ

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 9:39 AM IST

thumbnail

আমিনগাঁও, 17 নৱেম্বৰ : মহানগৰীত অব্যাহত আছে STF ৰ অভিযান ৷ বৃহস্পতিবাৰে নিশা কামৰূপ আৰক্ষী আৰু STF ৰ যুটীয়া অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ । এই গোপন সূত্ৰৰ পম খেদি DIG পাৰ্থ সাৰথি মহন্তৰ তত্বাৱধানত কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত আমিনগাাঁৱত এখন NL-08A-8541 নম্বৰৰ ডি আই পিক আপ বাহনৰ গোপন চেম্বাৰত 90 টা চাবোনৰ কেচত ড্ৰাগছ কৰা হয় ৷ জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় 1 কেজি 3.50 গ্ৰাম বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য 1 কোটিৰো অধিক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি ৷

ইতিমধ্যে ঘটনা সংক্ৰান্তত দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে কৰায়ত্ত কৰা সৰবৰাহকাৰীকেইটা হৈছে তমিজুৰ ৰহমান আৰু আব্দুল ৰহিম। ধৃত দুয়োৰে ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Student Attack by miscreants: কলেজলৈ গৈ থকা অৱস্থাত ছাত্ৰীক ছুৰীকাঘাত দুই যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.