Student Attack by miscreants: কলেজলৈ গৈ থকা অৱস্থাত ছাত্ৰীক ছুৰীকাঘাত দুই যুৱকৰ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 3:32 PM IST

thumbnail

মৰিগাঁও, 16 নৱেম্বৰ : মৰিগাঁও জিলাৰ সমীপৱৰ্তী দলবাৰীত দিন দুপৰতে এগৰাকী ছাত্ৰীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷  ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দলবাৰীত ছাত্ৰীগৰাকী ঘৰৰ পৰা ই-ৰিক্সাৰে কলেজলৈ আহি থাকোঁতে দুজন যুৱকে প্ৰথমে ছাত্ৰীগৰাকীক মুখত সোপা মাৰি ধৰে আৰু তাৰ পিচত ছুৰীৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ ছাত্ৰীগৰাকীয়ে জানিবলৈ দিয়ামতে তেওঁৰ ই-ৰিক্সাখন চালকগৰাকীয়ে ভুল পথেৰে লৈ গৈছিল ৷ ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰিছিল যদিও চালকজনে ই-ৰিক্সাখন ৰখোৱা নাছিল ৷ 

ইয়াৰ পিচতে আহত ছাত্ৰীগৰাকীক মৰিগাঁও তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । এই ঘটনাই এতিয়া সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ছাত্ৰীগৰাকী মৰিগাঁও জ্ঞানদ্বীপ ছিনিয়ৰ ছেকেণ্ডাৰী কলেজৰ ছাত্ৰী বুলি জানিব পৰা গৈছে ৷ ছাত্ৰীগৰাকীৰ ঘৰ দন্দুৱাত ৷ ইতিমধ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ 

ছাত্ৰীগৰাকীক বৰ্তমান চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ তদন্তৰ পিচতহে প্ৰকৃত তথ্য ওলাব বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক: Murder in Sonari: সোণাৰিত ভাতৃৰ হাততে প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.