যোৰহাটত পুনৰ গণপ্ৰহাৰৰ ঘটনা, গুৰুতৰভাৱে আহত যুৱক

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 9:04 PM IST

thumbnail

যোৰহাট, 23 ডিচেম্বৰ : যোৰহাটত পুনৰ সংঘটিত হ’ল মৰেল পুলিচিঙৰ ঘটনা ৷ চহৰখনৰ মেঘা বিবাহ ভৱনৰ সমীপত বাইক চুৰিৰ অভিযুক্তত এজন যুৱকক কৰা হয় গণপ্ৰহাৰ ৷ ফলত গুৰুতৰভাৱে আহত হয় টীয়কৰ মৃগাংক নেওগ নামৰ যুৱকজন ৷

অভিযোগ অনুসৰি নুমলীগড়ৰ এজন মুকবধিৰ যুৱকৰ পৰা কৌশলেৰে এখন বাইক কাঢ়ি আনিছিল টীয়কৰ এজন যুৱকজনে । অভিযুক্ত যুৱকজন আৰু বাইকখনৰ সন্ধানত টীয়কলৈ আহোতেই উভতনি যাত্ৰাত হঠাৎ যোৰহাটৰ মেঘা বিবাহ ভৱনৰ সমীপত বাইকসহ অভিযুক্তক দেখা পায় বাইকৰ মালিক পক্ষই । তাৰ পাছতেই যোৰহাট নগৰৰ দিশে খেদি আনে যুৱকজনক ৷ বাইকখন এৰি পলায়ন কৰিবলৈ লওঁতেই ৰাইজে যুৱকজনক ধৰি মাৰপিট আৰম্ভ কৰে । ইয়াৰোপৰি বাইকখনৰ মালিক পক্ষৰ লগতো খণ্ডযুদ্ধত লিপ্ত হয় একাংশ উত্তেজিত ৰাইজ ৷

আনহাতে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক: আৰক্ষী চকীৰ চোতালত উদ্ধাৰ সদ্যোজাত শিশুৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.