আৰক্ষী চকীৰ চোতালত উদ্ধাৰ সদ্যোজাত শিশুৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 12:03 PM IST

thumbnail

যোৰহাট, ২৩ ডিচেম্বৰ : মৰিয়নীত আৰক্ষী চকীৰ চোতালতে শুকুৰবাৰে নিশা এটি সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৰিয়নী দেবেৰাপাৰ আৰক্ষী চকীৰ পাচফালে উদ্ধাৰ হয় সদ্যোজাত শিশুটিৰ মৃতদেহ ৷ উক্ত ঘটনাই সভ্য সমাজক বাৰুকৈ লজ্জিত কৰি তুলিছে । ভঙা-চিঙা টিং বটল বুটলিবলৈ যোৱা দুজন যুৱকে জাৱৰৰ ওপৰত সদ্যোজাত শিশুটিৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।

উক্ত খবৰৰ ভিত্তিত দেবেৰাপাৰ আৰক্ষী চকীত উপস্থিত হয় আৰক্ষীৰ উচ্চপদস্থ বিষয়া, মৰিয়নীৰ চক্ৰ বিষয়া, অতিৰিক্ত জিলা আয়ুক্তসহ এটা উচ্চপদস্থ দল । ইতিমধ্যে সদ্যোজাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

কোনে কেতিয়া আৰু কিয় তেনেদৰে শিশুটি মৃতদেহ আৰক্ষী চকীখনৰ পাচফালে পেলাই থৈ গ'ল, তাক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে । ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: বৰপেটাৰ গান্ধীনগৰত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.