বৰপেটাৰ গান্ধীনগৰত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 6:07 PM IST

thumbnail

বৰপেটা, ৬ ডিচেম্বৰ : বৰপেটা চহৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ বৰপেটাৰ গান্ধীনগৰৰ ১৫ নং ৱাৰ্ডত চাউলখোলা নৈৰ পাৰত বুধবাৰে এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য়ৰ সৃষ্টি হৈছে ৷ নৱজাতকৰ মৃতদেহটোৰ কঁকালৰ তলৰ অংশ নোহোৱা অৱস্থাত উদ্ধাৰ  হয় ৷  

স্থানীয় ৰাইজে এই প্ৰসংগত কয় যে উক্ত অঞ্চলত কোনো লোকৰে শিশুৰ মৃত্যু হোৱা নাই ৷ ইয়াৰ পিচতেই ঘটনালীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ নৱজাতকৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বৰপেটা আৰক্ষীয়ে ৷ আন কোনো ঠাইৰ লোকে নিশা নৈৰ পাৰত নৱজাতকক পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । এনেদৰে নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ ৰাইজে আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক:স্বাধীন ৰাষ্ট্ৰৰ স্বপ্ন বুকুত বান্ধি আলফা স্বাধীনলৈ প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.