Protest at Gingia: গুৱাহাটীত বনকৰা যুৱতীৰ মৃত্যু; বিশ্বনাথৰ জিনজিয়াত ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 2:55 PM IST

thumbnail

বিশ্বনাথ, ৩ ছেপ্টেম্বৰ: বিশ্বনাথৰ জিনজিয়াত শনিবাৰে নিশা ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । এগৰাকী যুৱতীৰ মৃত্যু কেন্দ্ৰ কৰি উত্তাল হৈ পৰে বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানাৰ চৌহদ ৷ জানিব পৰা মতে, প্ৰায় সাত মাহ ধৰি গুৱাহাটীৰ ড৹ দীনেশ আগৰৱালাৰ নামৰ এজন ব্যক্তিৰ ঘৰত বনকৰা যুৱতী হিচাপে আছিল জিনজিয়াৰ মিনা মুণ্ডাৰ নামৰ যুৱতীগৰাকী ।

বিগত সাতটা মাহে ঘৰলৈ অহা নাছিল মিনা মুণ্ডা ৷ কেৱল ফোনতে মিনাই কথা-বতৰা পাতিছিল পৰিয়ালৰ লোকৰ সৈতে ৷ কিন্তু হঠাতে শুকুৰবাৰে দীনেশ আগৰৱালাইৰ অট্টালিকাৰ ষষ্ঠ মহলাৰ পৰা জঁপিয়াই মিনাই আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক অৱগত কৰে ৷

তাৰ পাচতে স্থানীয় ৰাইজৰ লগতে জিনজিয়া বিহালী আটছাৰ কেবাগৰাকীও সদস্যই জিনজিয়া আৰক্ষী থানাত উপস্থিত হৈ ড৹ দীনেশ আগৰৱালাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ৷ লগতে দীনেশ আগৰৱালাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাইজে থানা চৌহদতে সাব্যস্ত কৰে প্ৰতিবাদ ৷

মিনাৰ পৰিয়াৰ অভিযোগ, আত্মহত্যা কৰা নাই মিনাই ৷ মিনাৰ মৃত্যুত নিশ্চয় কিবা ৰহস্য আছে বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : Murder in Nalbari: ঘগ্ৰাপাৰত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.