উত্তৰ পূৰ্বাঞ্চলত ৫ জানুৱাৰীৰ পৰা দুদিন নচলিব বাণিজ্যিক বাহন

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 9:44 PM IST

thumbnail

গুৱাহাটী, ২ জানুৱাৰী: অনিৰ্দিষ্টকাললৈ স্তব্ধ হৈ পৰিব পাৰে বাণিজ্যিক পৰিবহণ ব্যবস্থা ।  ৫ আৰু ৬ জানুৱাৰীত কৰ্মবিৰতি পালন কৰিব বাণিজ্যিক বাহন চালকে । ৪৮ ঘণ্টা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই নচলিব যাত্ৰী অথবা মাল পৰিবাহী কোনো বাণিজ্যিক বাহন । এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে সদৌ অসম দিবা-নৈশ বাছ চালক সন্থাই । বুধবাৰে উত্তৰ পূৰ্বাঞ্চলৰ সকলো মটৰ শ্ৰমিক সন্থাৰ আলোচনাৰ ভিত্তিত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ।  

কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ ভাৰতীয় ন্যায় সংহিতা আইনৰ বিৰোধিতাৰে এনেদৰে প্ৰতিবাদ জনাব বাহন চালক সকলে । দুদিনীয়া কৰ্মবিৰতিৰ পাছতো চৰকাৰে এই আইনত শিথিলতা অনাৰ ব্যৱস্থা নল'লে অনিৰ্দিষ্টকাললৈ বাণিজ্যিক বাহনসমূহ বন্ধ কৰি দিয়াৰো হুংকাৰ দিয়ে সদৌ অসম দিবা-নৈশ বাছ চালক সন্থাই । উল্লেখ্য যে ভাৰতীয় ন্যায় সংহিতা আইনত স্পষ্টকৈ উল্লেখ আছে বহুকেইটা নীতি নিৰ্দেশনা ।  

কোনো লোকৰ দুৰ্ঘটনাত মৃত্যু হ'লে বাহনৰ চালকে ভুগিব লাগিব ৫ বছৰৰ পৰা সৰ্বোচ্চ ১০ বছৰ সশ্ৰম কাৰাদণ্ড । লগতে ভৰিব লাগিব ১০ লাখ টকা পৰ্যন্ত জৰিমনা । যদিহে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত বাহন চালকে দুৰ্ঘটনাগ্ৰস্তক এৰি পলায়ন কৰে তেনেহ'লে এই দুৰ্ঘটনা ইচ্ছাকৃত বুলি পৰিগণিত হ'ব। কিন্তু এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানৰ লোকসকল হৈ পৰে উত্তেজিত । যাৰ ফলত সুৰক্ষা নাইকীয়া হয় বাহন চালকজনৰ। সেয়েহে এতিয়া বিপদত পৰিছে দেশৰ সকলো শ্ৰেণীৰ চালকসকলে ।

লগতে পঢ়ক:আমবাৰী কৰ্তিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.