ETV Bharat / state

আমবাৰী কৰ্তিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 5:16 PM IST

Scam in mid day meal:লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত আমবাৰী কৰ্তিমাৰী হাইস্কুলত প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি । মধ্যহ্ন ভোজনৰ নামতো ব্যপক দুর্নীতি সংঘটিত কৰা অভিযোগ ৰাইজৰ ।

Protest against teacher
আমবাৰী কৰ্তিমাৰী হাইস্কুল

আমবাৰী কৰ্তিমাৰী হাইস্কুল

গোৱালপাৰা, ২ জানুৱাৰী : গোৱালপাৰা জিলাৰ আমবাৰী কৰ্তিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ । দীৰ্ঘদিনে বিদ্যালয়খনত নিয়মীয়া পাঠদান নকৰাৰ লগতে মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুর্নীতি সংঘটিত কৰা বাবেই প্ৰধান শিক্ষকৰ বিৰুদ্ধে অতীষ্ঠ হৈ আজি বিদ্যালয়ৰ সন্মুখত অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্য়স্ত কৰে। জিলাখনৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত আমবাৰী কৰ্তিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক শুকুৰ আলীৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র-ছাত্রীৰ অভিভাৱকসকলে ।

দীৰ্ঘদিন ধৰি বিদ্যালয়খনত নিয়মীয়া পাঠদান নকৰাৰ লগতে মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুর্নীতি সংঘটিত কৰা প্ৰধান শিক্ষক শুকুৰ আলীক বদলিৰ দাবীত অভিভাৱকসকলে মঙলবাৰে ওলাই আহি বিদ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ যে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য পদৰ পৰা নাম কৰ্তন কৰাৰ ভাবুকি প্ৰদান কৰে প্ৰধান শিক্ষক শুকুৰ আলীয়ে ।

ইপিনে, স্থানীয় ৱাৰ্ড সদস্য বাহাৰুল ইছলামে বিদ্যালয়ত উপস্থিত হৈ এই সন্দৰ্ভত জানিব বিচৰাত ৱাৰ্ড সদস্যগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰো অভিযোগ উত্থাপিত হৈছে আমবাৰী কৰ্তিমাৰি হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে । কাৰ আশীৰ্বাদত এইজন শিক্ষকে জনপ্ৰতিনিধি এজনৰ লগতে ছাত্র-ছাত্রীৰ অভিভাৱকসকলৰ সৈতে এনে অভব্য আচৰণ কৰিব পাৰে তাকে লৈ এতিয়া সচেতন মহলত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰাৰ পিছতো কোনো ফল নোপোৱাত এতিয়া সংবাদ মাধ্যমযোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ডাঃ ৰণোজ পেগুৰ হস্তক্ষেপ বিচাৰিছে অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:পৰেশ বৰুৱাৰ পন্থা যিয়েই নহওক অন্ততঃ নিজৰ স্থিতিত তেওঁ অটল আছে : ব্ৰজেন হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.