Day Night Volleyball Tournament: টিয়কত আয়োজন দুদিনীয়া দিবা নৈশ ভলীবল প্ৰতিযোগিতা

By

Published : Jan 18, 2023, 9:12 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ভোগালীৰ উচাহৰ মাজতে টীয়কৰ ২নং কাৱৈমাৰী গোহাঁই গাঁৱত মংগলবাৰৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে প্ৰাইজমণি দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰ (Volleyball tournament in Teok) ৷ স্বৰ্গীয় গিৰিধৰ দাস আৰু মাতিমালা দাসৰ সোঁৱৰণীত টীয়কৰ অন্যতম অগ্ৰণী ক্ৰীড়া অনুষ্ঠান মুন লাইট ভলীবল টীমৰ উদ্যোগত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাৰ । উক্ত প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে বিশিষ্ট ব্যৱসায়ী প্ৰাঞ্জল দাসে । অবিভক্ত শিৱসাগৰ জিলা সামৰি অনুষ্ঠিত এই প্ৰতিযোগিতাত প্ৰায় কুৰিটাৰো অধিক দলে অংশগ্ৰহণ কৰে (Prize Money Day Night Volleyball Tournament) । 

উল্লেখযোগ্য যে গ্ৰাম্যঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত কৰাৰ উদ্দেশ্যেৰে মুনলাইট ভলীবল টীমে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷ ভলীবল প্ৰতিযোগিতাখনিত দৰ্শকৰো বিপুল সহাঁৰি পৰিলক্ষিত হৈছে । উক্ত প্ৰতিযোগিতাখনিত যোৰহাট ক্ৰীড়াসন্থাৰ উপসভাপতি ৰিজু কুমাৰ শইকীয়া, টীয়ক প্ৰেছ ক্লাৱৰ সহ সম্পাদক সাৰংগপাণি শইকীয়া (Teok Press Club), যুৱ সাংবাদিক পাৰ্থ হাজৰিকা, ভাস্কৰ বৰা, ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি ভলীবল প্ৰতিযোগিতাখনি উপভোগ কৰে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.