বঙাইগাঁৱত দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যু গৰ্ভৱতী সোণালী বান্দৰৰ

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 6:12 PM IST

thumbnail

বঙাইগাঁও, ২৫ ডিচেম্বৰ : মৃত্যু... এটা শব্দ ৷ কাৰ, কেতিয়া, কোন মুহূৰ্তত মৃত্যু হয় কোনেও নাজানে ৷ আজি এটা মৃত্যুৰ বাতৰিয়ে মনোকষ্ট দিছে সকলোকে ৷ বাতৰিটো হৈছে বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ সমীপৰ ৷ আজি অৰ্থাৎ সোমবাৰে এখন দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যু হ’ল এজনী সোণালী বান্দৰৰ ৷ এই বান্দৰজনী আছিল গৰ্ভৱতী ৷

বঙাইগাঁৱত Golden Langur festival অনুষ্ঠিত হোৱাৰ প্ৰাকমূহুৰ্তত গৰ্ভৱতী সোণালী বান্দৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ক্ষোভৰ । তথ্য অনুসৰি, বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত নিহত হয় এই সোণালী বান্দৰজনী । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি আহি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰোতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । তাৰ পাচত ঘটনাস্থলীতে স্থানীয় ৰাইজে ১ মিনিট মৌন প্ৰাৰ্থনা কৰি মৃত সোণালী বান্দৰটোলৈ শ্ৰদ্ধা জনায় ।

লগতে পঢ়ক : তেজপুৰৰ নিজ বাঁহবাৰীত ডাইনী সন্দেহত হত্যা; চাৰিজন গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.