Poshan maah:ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী মেলা

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:46 PM IST

Updated : Sep 23, 2023, 6:32 PM IST

thumbnail

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অংগনবাড়ী কেন্দ্ৰৰ মঠঘৰীয়া চাৰ্কলৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ মঠঘৰীয়া বাপুজীনগৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত পোষণ মাহ উদযাপন কৰা হয় । পোষণ মাহৰ লগত সংগতি ৰাখি বিভিন্ন থলুৱা শাক-পাচলি, ফলমূল তথা পুষ্টিকৰ খাদ্য সমৃদ্ধ এক প্ৰদৰ্শনী মেলাও আয়োজন কৰা হয় ।

প্ৰদৰ্শনী মেলাত শিশুক কিদৰে পুষ্টিকৰ খাদ্য যোগান ধৰিব লাগে তাৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় অংগনবাড়ী কেন্দ্ৰৰ ছুপাৰভাইজৰ, কৰ্মী আৰু সহায়িকাসকলে । অনুষ্ঠানত কণ কণ শিশুসকলে নাম-প্ৰসংগ, বিহুনাচ আদি প্ৰদৰ্শন কৰে । উল্লেখ্য যে, সমাজক পুষ্টিহীনতাৰ পৰা মুক্ত কৰা, শিশু, প্ৰসূতিসকলৰ খাদ্যভ্যাস, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি বিভিন্ন উদ্দেশ্য আগত ৰাখি পোষণ মাহ উপলক্ষে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক : Poshan Mah observed in Bongaigaon: পোষণ মাহ উপলক্ষে থলুৱা খাদ্য সামগ্ৰীৰ বিশেষ প্ৰদৰ্শনী

Last Updated : Sep 23, 2023, 6:32 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.