ETV Bharat / state

Poshan Mah observed in Bongaigaon: পোষণ মাহ উপলক্ষে থলুৱা খাদ্য সামগ্ৰীৰ বিশেষ প্ৰদৰ্শনী

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:13 PM IST

Updated : Sep 23, 2023, 4:29 PM IST

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰি থকা হৈছে । পোষণ মাহ উপলক্ষে অনুষ্ঠিত কৰা হৈছে ঘৰতে সহজে পাব পৰা খাদ্য সামগ্ৰীৰ বিশেষ প্ৰদৰ্শনী ।

Special Exhibition of Indigenous Food Items in Bongaon
পোষণ মাহ উপলক্ষে থলুৱা খাদ্য সামগ্ৰীৰ বিশেষ প্ৰদৰ্শনী

পোষণ মাহ উপলক্ষে থলুৱা খাদ্য সামগ্ৰীৰ বিশেষ প্ৰদৰ্শনী

বঙাইগাঁও,২৩ ছেপ্টেম্বৰ: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত পালন কৰি থকা হৈছে ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ । যোৱা ৭ ছেপ্টেম্বৰ তাৰিখে জিলাখনত আনুষ্ঠানিকভাৱে পোষণ মাহ শুভাৰম্ভ কৰা হৈছিল । জিলাখনৰ পাঁচটা সংহত শিশু বিকাশ কেন্দ্ৰ ক্ৰমে ডাংতল মাণিকপুৰ সৃজনগ্ৰাম টাপাট্টাৰী আৰু বইটামাৰী কেন্দ্ৰত ইতিমধ্যে পোষণ মাহ উপলক্ষ্যে ঘৰতে সহজে পাব পৰা খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি মহিলাসকল আৰু শিশুসকলৰ পৰিপুষ্টিৰ ব্যৱস্থা কৰিব পাৰি বুলি গাঁৱৰ মহিলাসকলক বুজোৱা হৈছে ।

আমি আমাৰ চাৰিওফালৰ পৰিৱেশত পোৱা খাদ্য সামগ্ৰীৰে আমাৰ পৰিপুষ্টি সাধন কৰিব পাৰো এই কথাই বুজাই দিয়া হৈছে গাঁৱৰ মহিলাসকলক । শুকুৰবাৰে জিলা পৰ্যায়ত বঙাইগাঁও গান্ধী ময়দানত এনে এখন প্ৰদৰ্শনী উদ্বোধন কৰে অতিৰিক্ত জিলা আয়ুক্ত নিৰ্মালি বৰুৱাই । তেওঁ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি কয় যে আমি বজাৰত পোৱা ব্যয়বহুল সামগ্ৰী কিনিব নোৱাৰিলেও চাৰিওফালৰ প্ৰকৃতিৰ পৰা পুষ্টিকৰ উপাদানসমূহ আহৰণ কৰিব পাৰো ।

মানিমুনি ভেদাইলতা,নৰসিংহ কলফুল ঢেঁকীয়া আদিৰ পৰাও খাদ্যপ্ৰাণ ভিটামিন আদি পাব পাৰো । কিন্তু, আমি এইবোৰ সহজতে পোৱা বাবে গুৰুত্ব দিব নোখোজো । এনেধৰণৰ উপাদানৰ প্ৰতি সজাগ কৰাটোৱেই এই প্ৰদৰ্শনীৰ মুখ্য উদ্দেশ্য । সম্প্ৰতি চৰ্চা হোৱা মিলেটৰ খাদ্যগুণ সম্পৰ্কতো এই প্ৰদৰ্শনীত উপস্থাপন কৰা হয় ।

উল্লেখনীয় যে, এই প্ৰদৰ্শনীখন মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত তথা কৃষি বিভাগৰ মিলেট মিছনৰ নোডেল বিষয়া তথা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয় । এই বছৰৰ পোষণ মাহৰ বিষয় হৈছে সুপোষিত ভাৰত সাক্ষৰ ভাৰত সশক্ত ভাৰত । এই জিলা পৰ্যায়ৰ প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা সমাজ কল্যাণ বিষয়া জয়ন্ত দাস জিলা সমন্বয়ক জিতেন্দ্ৰ দাস ডাংতল সংহত শিশু বিকাশ কেন্দ্ৰৰ বিষয়া পুৰ্ণিমা মহন্ত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়া মহিলা আৰু শিশু বিকাশ বিভাগৰ মহিলা সবলীকৰণ কেন্দ্ৰৰ সমন্বয়ক বৰ্ষা ৰায় চুপাৰভাইজাৰসকল আৰু অংগনৱাডী কৰ্মীসকল ।

লগতে পঢ়ক: Jal Jeevan Mission: জলজীৱন মিছন নে প্ৰহসন, নিৰ্মাণৰ পাচতো ৰাইজে খাবলৈ নাপালে পানী

Last Updated :Sep 23, 2023, 4:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.