ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্তক আৰক্ষীৰ তলৱ

By

Published : Sep 11, 2022, 1:17 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

আজি ৰাজ্যত চলি আছে অন্তিমটো নিযুক্তি পৰীক্ষা (Assam Govt Recruitment 2022) ৷ তাৰ মাজতেই ভিক্টৰ দাসৰ ছাত্ৰ অম্লান দত্তক আৰক্ষীৰ তলৱ (police police summon Amlan Jyoti Dutta for interrogation) ৷ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ (Victor Das arrested by Guwahati police) হোৱাৰ খবৰ পোৱা মাত্ৰেই যোৰহাটৰ পৰা ঢপলিয়াই আহিছে অম্লানৰ লগতে আন কেবাগৰাকী ছাত্ৰ ৷ সংবাদমাধ্যমৰ আগত অম্লানজ্যোতি দত্তই আৰু অধিক তথ্য আৰক্ষীৰ ওচৰত দাঙি ধৰিছে বুলি সদৰী কৰে ৷ লগতে ভিক্টৰ দাসে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত (Assam Govt Recruitment 2022) ধনৰ লেনদেন হোৱা বুলি কৰা অভিযোগ সম্পূৰ্ণ সঁচা বুলি দাবী কৰিছে ছাত্ৰগৰাকীয়ে ৷ আনকি এটা পদৰ বিনিময়ত 5/7 লাখ টকাকৈ লোৱা হৈছে বুলিও আন এক চাঞ্চল্যকৰ মন্তব্য দাঙি ধৰে ছাত্ৰজনে ৷ পৰীক্ষাগৃহত তেনে শিক্ষাৰ্থী লগ পোৱা বুলিও কয় ছাত্ৰগৰাকীয়ে ৷ উল্লেখ্য যে, ভিক্টৰ দাসে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত (Assam Govt Recruitment 2022) ধনৰ লেনদেন হোৱা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক উদ্দেশ্যি এক টুইট কৰিছিল (Victor Das alleged corruption in recruitment) । তাৰ পিছতেই ভিক্টৰ দাসৰ দাবীত সত্যতা নাই বুলি প্ৰকাশ কৰি ইতিমধ্যে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.