Pijush Hazarika at Hojai : অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী, তুংগত প্ৰস্তুতি

By

Published : Jun 22, 2023, 7:41 AM IST

Updated : Jun 22, 2023, 9:39 AM IST

thumbnail

হোজাই, 22 জুন : অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ নগাঁও সমষ্টিৰ অন্তৰ্গত হোজাইত অনুষ্ঠিত হ’ব লগা এক বৃহৎ সমাৱেশত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য এইবাৰ অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ এই সমাবেশত এক লাখৰো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে ৷ বুধবাৰে হোজাইৰ শংকৰদেৱ নগৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

মন্ত্ৰী হাজৰীকাই উল্লেখ কৰা অনুসৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানৰ বাবে আয়োজিত সভাৰ কাম ইতিমধ্যে পূৰ্ণ গতিত চলি আছে ৷ এই সভাৰ বাবে নিৰ্দিষ্ট তাৰিখ ঠিক কৰা নাই যদিও অহা 10 দিনৰ ভিতৰত এই অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সেয়ে বুধবাৰে মন্ত্ৰীগৰাকীয়ে নিজেই সভাস্থলী পৰিদৰ্শন কৰি বুজ লয় সামগ্ৰিক পৰিস্থিতি ৷

উল্লেখ্য যে, বুধবাৰে মন্ত্ৰীগৰাকীয়ে খেলপথাৰ পৰিদৰ্শন কালত তেওঁৰ লগত উপস্থিত থাকে বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা আৰক্ষী অধীক্ষক আৰু মহকুমাধিপতি ।

লগতে পঢ়ক : Constituency delimitation: খচৰা ঘোষণাৰ লগে লগে প্ৰতিবাদমুখৰ আমগুৰি

Last Updated : Jun 22, 2023, 9:39 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.