People hospitalized after eating wild mashroom: বনৰীয়া কাঠফুলা খাই মেৰাপানীত অসুস্থ পাঁচজনকৈ লোক

By

Published : Jun 20, 2023, 9:39 PM IST

thumbnail

তিতাবৰ, 20 জুন : পাহাৰৰ পৰা বুটলি অনা বনৰীয়া কাঠফুলা খাই মেৰাপানীত অসুস্থ হৈছে একেটা পৰিয়ালৰে পাঁচজনকৈ লোক । মেৰাপানী সীমান্তৰ ৬ নং ক’লাজানৰ ৰাজু কৰুৱা নামৰ যুৱকজনৰ পিতৃ নগাৱটিয়া কৰুৱাই মংগলবাৰে পুৱা নগা পাহাৰৰ পৰা বুটলি অনা কাঠফুলা খাই পৰিয়ালটোৰ পাঁচজনকৈ লোক অসুস্থ হৈ পৰে ৷ বমি, মূৰ-ঘূৰণি আৰু পেটৰ বিষত আক্ৰান্ত হৈছে তেওঁলোক । ৰাজু কৰুৱা আৰু তেওঁৰ দুই কন্যা সন্তান সাৱিত্ৰী কৰুৱা আৰু জোনমনি কৰুৱাৰ লগতে মাতৃ নিমলী কৰুৱাও অসুস্থ হয় ।

আনহাতে পৰিয়ালৰ মুৰব্বী নগাৱটিয়া কৰুৱাই আহাৰ খোৱাৰ পাচতেই কামৰ বাবে পাহাৰলৈ যায় যদিও তেওঁৰ অৱস্থিতি বৰ্তমানে জানিব পৰা হোৱা নাই । আনহাতে অসুস্থ চাৰিজনক পৰিয়ালৰ লোকে ততাতৈয়াকৈ মেৰাপানী সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰে । মেৰাপানী চিকিৎসালয়ত চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচত দুজনৰ অৱস্থা সংকটজনক দেখি গোলাঘাটলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : Dhemaji news: ধেমাজিত অঘটন; পিষ্টল পৰিষ্কাৰ কৰি থাকোঁতেই গুলী ফুটি এজনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.