কাৰ্বি আংলং জিলাৰ নিৰ্বাচনত নিঃশেষ হ'ব কংগ্ৰেছ: পল্লৱ লোচন দাস

By

Published : Jun 12, 2022, 2:07 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

পুৱাৰে পৰা কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা চলি আছে (DC Conference held at Tezpur)। ভোট গণনা চলি থকাৰ মাজতে বহু বিজেপি নেতাই দাবী কৰিছে যে এইবাৰ জিলাখনত কংগ্ৰেছ নিঃশেষ হ'ব । তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসেও কংগ্ৰেছৰ পতনৰ বিভিন্ন যুক্তি দাঙি ধৰিলে । তেওঁৰ মতে কাৰ্বি আংলঙৰ নিৰ্বাচনটো মুখ থেকেচা খাব কংগ্ৰেছ দলে (Pallab Lochan Das on KAAC election results)। তেওঁৰ মতে কংগ্ৰেছ দলৰ কবৰ খন্দাত ব্যস্ত সভাপতি ভূপেন বৰা (Pallab Lochan Das criticizes Bhupen Bora)। ভূপেন বৰাক সমালোচনা কৰি সাংসদগৰাকীয়ে কয় যে প্ৰতিটো নিৰ্বাচনতেই ভূপেন বৰাই কোৰখন লৈ গাঁত খান্দিবলৈ ওলাই আহে (Pallab Lochan Das criticizes Bhupen Bora) ৷ এতিয়া দলটোক কেৱল কবৰ দিবলৈহে বাকী আছে ৷ "দলক লৈ কোনো চিন্তা নাই ভূপেন বৰাৰ । টিভিত মুখখন উলিওৱাৰ কথাহে চিন্তা কৰে ভূপেন বৰাই ।" কাৰ্বি আংলঙত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰি সাংসদগৰাকীয়ে কয় যে অহা ১৪ আৰু ১৫ জুনত ডিফুত বিজয় উৎসৱ আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব । আপ বা আন দলে বিজেপিক ক্ষতি কৰিব নোৱাৰে বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে । তেজপুৰত অনুষ্ঠিত উপায়ুক্ত সন্মিলনত এই মন্তব্য কৰে সাংসদ পল্লৱ লোচন দাসে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.