Recruitment in Government Jobs: কঠোৰ অধ্যৱসায়ৰ ফল পালে বিক্ৰমে

By

Published : May 7, 2023, 10:23 PM IST

thumbnail

বাক্সা,৭ এপ্ৰিল: বুধবাৰে ৰাজ্যত ঘোষণা কৰা হয় ৰাজ্য চৰকাৰৰ ৩৬ হাজাৰ পদৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল (Assam Direct Recruitment Grade 4 Result) । বাক্সা জিলাৰ বৰমাৰ ৰঙৰ কাম কৰা পিতৃৰ পুত্ৰ বিক্ৰম দাসে লাভ কৰিলে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰি । ৰঙৰ কাম কৰা পিতৃৰ পুত্ৰ বিক্ৰম দাসে এনে সাফল্যই পৰিয়ালটোৰ কাৰণে কঢ়িয়াই আনিছে আশাৰ ৰেঙণি (Painter son gets a government job) ।  

বাক্সা জিলাৰ বৰমাৰ এই পৰিয়ালে চৰকাৰী চাকৰি লাভ কৰাৰ কাৰণে পৰিয়ালতো বিৰাজ কৰিছে উখল-মাখল পৰিবেশ (Recruitment in Government Jobs) । বিক্ৰমৰ মুখত এতিয়া বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি । যোৱা ছয় বছৰে ঘৰে ঘৰে ৰঙৰ কাম কৰি থকাৰ মাজতেই বিক্ৰমে মনত পুহি ৰাখিছিল চৰকাৰী চাকৰি কৰাৰ হেঁপাহ । নিশাৰ ভাগত যিখিনি সময় পাইছিল সেই সময়তে বিক্ৰমে অব্যাহত ৰাখিছিল অধ্যয়ন । অৱশেষত বিক্ৰম যেন সফল হ'ল । বিক্ৰমে লাভ কৰিলে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰি । 

লগতে পঢ়ক: Terrible road accident: বকোত একে নিশাই দুটাকৈ পথ দুৰ্ঘটনা, থিতাতে 4 জনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.