Lightning storm kills farmer: বজ্ৰপাতত হাল বোৱা গৰুসহ কৃষকৰ কৰুণ মৃত্যু

By

Published : Jul 21, 2023, 9:40 PM IST

thumbnail

বঙাইগাঁও, 21 জুলাই :  বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত নোৱাগাঁও, ভাটিপাৰাত শুকুৰবাৰে বজ্ৰ পৰি হালোৱা গৰুসহ এজন কৃষকৰ মৃত্যু হয় । কেইবাদিনো ধৰি একেৰাহে হৈ থকা উৎকট গৰমৰ পিচত শুকুৰবাৰে ৰাতিপুৱা হঠাৎ ধাৰাসাৰ বৰষুণৰ লগতে ধাৰাবাহিকভাৱে বিজুলী ঢেৰেকণি মাৰিবলৈ ধৰে ৷

অইন দিনাৰ দৰে আজিও নোৱাগাঁও ভাটিপাৰাৰ বিলাসু বৰ্মন নামৰ মুকবিধৰ খেতিয়কজনে পথাৰত হালবাই থাকোতেই গাত বজ্ৰ পৰাৰ লগে লগে তেওঁ বোকাত বাগৰি পৰে আৰু গৰু হালো নাঙল, জুঙাল সহ বাগৰি পৰে । ফলত চাৰিওফালে হুৱা-দুৱা লাগে ৷ তেখেতক লগে লগে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও হাস্পতালত চিকিৎসকে খেতিয়কজনক মৃত বুলি ঘোষণা কৰে । হালোৱা গৰু হালো সেই অৱস্থাতে মৃত্যু বৰণ কৰে । খেতিয়ক বিলাসু বৰ্মনৰ বয়স 60 বছৰ বুলি জানিব পৰা গৈছে ।

খেতিয়কজনৰ দূৰ্ভাগ্যজনক মৃত্যুত গাঁওবাসী তথা অঞ্চলটোত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে । পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তথা মূৰব্বীজনৰ দূৰ্ভাগ্যজনক মৃত্যুয়ে পৰিয়ালটোলৈ নমাই আনিলে ঘোৰ অমানিশা । গাঁওবাসী আৰু স্থানীয় ৰাইজে জিলা প্ৰশাসন তথা অসম চৰকাৰক পৰিয়ালটোক সু-দৃষ্টিৰে চাই আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ দাবী জনাইছে ।

লগতে পঢ়ক : Flood in Manikpur : শ শ বিঘা ধানখেতি বালিত পোত যোৱাত কৃষকৰ হাহাকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.