ETV Bharat / state

Flood in Manikpur : শ শ বিঘা ধানখেতি বালিত পোত যোৱাত কৃষকৰ হাহাকাৰ

author img

By

Published : Jul 20, 2023, 7:59 PM IST

আই নৈৰ প্ৰলয়ংকাৰী বানৰ পিচত কৃষকৰ মাজত হাহাকাৰ । বানপীড়িত অঞ্চলত শ শ বিঘা ধানখেতি বালিৰ তলত।

Prime Minister Kisan Samman Nidhi in Manikpur
আই নৈৰ প্ৰলয়ংকৰী বান

আই নৈৰ প্ৰলয়ংকৰী বান

মাণিকপুৰ, ২০ জুলাই: আই নৈৰ প্ৰলয়ংকৰী বানৰ পিছত কৃষকসকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ৬ নং জামদহাত শ শ বিঘা ধানখেতি বালিত পোত গৈছে । অতি কষ্টৰে কৰা খেতিডৰা বালিত পোত যোৱাত চিন্তিত হৈ পৰিছে কৃষকসকল । জামদহাৰ কৃষকসকলে বছৰত শালি ধানখেতি কৰি পৰিয়াল পোহপাল দিয়ে যদিও সেই সপোন তচনচ হৈ পৰিছে ।

ক্ষতিগ্ৰস্ত কৃষকসকলে আজিলৈকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰা নাই । প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন এইসকল কৃষকে লাভ নকৰে তেন্তে কাৰ পকেটলৈ যায় বুলি প্ৰশ্ন উত্থাপন কৰিছে বঞ্চিত লোকসকলে । উল্লেখ্য যে বঙাইগাওঁ জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাশবাৰীত শেহতীয়া বানপানীৰ ফলত আই নদীৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাত শ শ পৰিয়ালৰ নিদ্ৰা হৰণ কৰিছে । ইতিমধ্য়ে গৰাখহনীয়াত ১০ টা পৰিয়ালৰ বাস গৃহ ভেটি মাটি নদীৰ বুকুত জাহ গৈছে ।

গৰাখনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হৈছে বহু লোক । ইমানৰ পিচতো গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই । এই ক্ষেত্ৰত জিলা প্ৰশাসন, স্থানীয় বিধায়ক আৰু সাংসদৰ দৃষ্টিগোচৰ কামনা কৰিছে ৰাইজে । উল্লেখযোগ্য যে যোৱা বছৰ প্ৰলয়ংকৰী বানত ২ নং বাশবাৰীৰ ২৫০ টা পৰিয়ালৰ ভূমি জিলাখনৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ গৈছে ।

এই বেলিও আই নদীয়ে কালৰূপ ধাৰণ কৰি ইতিমধ্যে ১০ টা পৰিয়ালৰ ঘৰ আৰু কৃষিভূমি উটুৱাই নিছে । ফলত নৈপৰীয়া লোকে আতংকত দিন অতিবাহিত কৰিব লগাত পৰিছে । ইপিনে, জিলা প্ৰশাসনে কোনো ধৰণৰ উল্লেখনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে । আনহাতে,পশুধনৰ খাদ্য় সংকটে দেখা দিছে । খাদ্যৰ অভাৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.