ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

author img

By

Published : Jul 20, 2023, 4:02 PM IST

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্বাচন আয়োগৰ পূৰ্ণপৰ্যায়ৰ দলে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ গ্ৰহণ কৰা শুনানিৰ দ্বিতীয় দিন ৷ আছুৰ স্থিতিক সমালোচনা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷

Constituency Delimitation
Constituency Delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

গুৱাহাটী,২০ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ তীব্ৰ বিৰোধিতা কৰিছে চি পি আই এমৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বৃহস্পতিবাৰৰ দ্বিতীয় দিনাৰ শুনানিত অংশ গ্ৰহণ কৰাৰ পাচত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ।

তেওঁ কয় যে এটা সময়ত বিদেশী সমস্যাৰ প্ৰসংগৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰা বিজেপিয়ে আজি ইয়াক অসমৰ ৰাইজৰ ওপৰত জাপি দিব বিচাৰিছে । এই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰি । আনহাতে আছুৰ প্ৰসংগত তেওঁ কয় যে এসময়ত তীব্ৰ বিৰোধিতা কৰা আছুৱে আজি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া মানি লৈছে ।

হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই আছুৱে ২০০১ চনৰ লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ মানি লৈছে । আছুৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে আছুৰ এই কাৰ্য ভাল নে বেয়া সেয়া অসমৰ ৰাইজে বিবেচনা কৰিব । তেওঁ লগতে কয় যে আমি এন আৰ চি (NRC) উন্নীত হোৱাটো বিচাৰিছিলো ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ নিৰ্বাচন আয়োগৰ আগত ১১টা বিৰোধী ৰাজনৈতিক দলে নিজৰ স্থিতি দাঙি ধৰিব বুলি কয় । উল্লেখ্য যে আজি নিৰ্বাচন আয়োগে গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ, কৰিমগঞ্জ, দৰং, হাইলাকান্দি, কাছাৰ, দক্ষিণ শালমাৰা, নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰে । তিনিটা স্থানত শুনানি গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: Public Hearing on Delimitation : সমষ্টি পুনৰ নিৰ্ধাৰণ সাংবিধানিক প্ৰক্ৰিয়া; বিধায়ক আশ্ৰাফুল হুছেইন
লগতে পঢ়ক: Public Hearing on Delimitation: নিৰ্বাচন আয়োগৰ ওচৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ ওজৰ-আপত্তি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.