Barpeta Drugs seized news:বৰপেটাৰোডৰ শিমলাগুৰীত ড্ৰাগছ-হিৰ’ইনসহ এজনক আটক

By

Published : Jun 26, 2023, 10:49 PM IST

thumbnail

বৰপেটাৰোড, 26 জুন : বৰপেটাৰোড শিমলাগুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰেজাউল ইছলাম বুলি জানিব পৰা গৈছে ৷ কৰিমগঞ্জৰ পৰা AS-15-AC-5643 নম্বৰৰ এখন ট্ৰাকত কঢ়িয়াই আনিছিল ড্ৰাগছখিনি ৷ মন কৰিবলগীয়া যে ট্ৰাকখন আদা ভৰ্তি আছিল ৷ ১৭টাকৈ চাবোনৰ বাকচৰ ভিতৰত ড্ৰাগছ আৰু দুশ গ্ৰাম হিৰ’ইন কঢ়িয়াই আনিছিল ৰেজাউলে ৷

শিমলাগুৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত শিমলাগুৰীত তালাচী অভিযান চলাই ড্ৰাগছ আৰু হিৰ’ইনসহ সৰবৰাহকাৰী ৰেজাউল ইছলামক আটক কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰা ড্ৰাগছ আৰু হিৰ’ইনখিনিৰ আন্তৰ্জাতিক বজাৰত বজাৰ মূল্য প্ৰায় ১ কোটি ৪০ লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী ৰেজাউল ইছলামৰ ঘৰ জাখলিল পথাৰত বুলি জানিব পৰা গৈছে ৷

আনহাতে ড্ৰাগছ আৰু হিৰ’ইন কঢ়িয়াই অনা ট্ৰাকখনৰ চালক শ্বাহ আলমে আৰক্ষীৰ তালাচী অভিযানৰ সময়তে পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰেজাউল ইছলামক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা বিৰত থাকে শিমলাগুৰী আৰক্ষী ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে দাহ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.