ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে দাহ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ

author img

By

Published : Jun 26, 2023, 8:30 PM IST

আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে দাহ কৰিলে বিভিন্ন সময়ত জব্দ কৰা বুজন পৰিমাণৰ ড্ৰাগছ ৷

Seized Drugs burnt in Various Place of Assam
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস

প্ৰশাসনে দাহ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ

নিউজ ডেস্ক, 26 জুন: আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস ৷ ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে প্ৰতি বছৰে 26 জুনত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস ৷

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পালন কৰা হৈছে বিশ্ব ড্ৰাগছ বিৰোধী দিৱস ৷ লখিমপুৰত সোমবাৰে জ্বলাই ছাই কৰা হয় ড্ৰাগছ, হেৰইন, গাঞ্জাকে ধৰি কোটি টকা মূল্যৰ নিচা জাতীয় সামগ্ৰী ৷ লখিমপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে যৌথ ভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নগৰৰ সমীপৰ হাহচৰাৰ আৰক্ষী ছাউনিত প্ৰায় 50 লাখ টকাৰ ড্ৰাগছ, 43 লাখ টকা মূল্যৰ গাঞ্জা, 42 হেজাৰ টকা মূল্যৰ নিচাজাতীয় টেবলেট জ্বলাই দিয়া হয় ৷ জিলা উপায়ুক্ত সুমিত সাত্তাৱান, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিচা জাতীয় সামগ্রী সমুহত অগ্নিসংযোগ কৰে ৷ উল্লেখ্য সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে লখিমপুৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

মাজুলীতো আৰক্ষী, জিলা প্ৰশাসনে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱসৰ লগত সংগতি ৰাখি জিলা খনৰ ভিন্ন স্থানত অভিযান চলাই জব্দ কৰা প্ৰায় সাত কেজি পৰিমাণৰ গাঞ্জা জ্বলাই দিয়ে ৷ সোমবাৰে গড়মূৰ কেৰেলা গাঁৱত জিলা আৰক্ষী অধীক্ষক, উপায়ুক্তৰ উপস্থিতিত জ্বলাই হিয়া হয় এই গাঞ্জা খিনি ৷

সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা আৰক্ষীয়ে ধংস কৰে প্ৰায় 3.43 কোটি টকাৰ মূল্যৰ ড্ৰাগছ ৷ বিগত বছৰত মৰিগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত 98 টা ড্ৰাগছ বিৰোধী গোচৰ ৰুজু হোৱাৰ বিপৰীতে 100 জনৰো অধিক অপৰাধী গ্ৰেপ্তাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা 3.43 কোটি টকাৰ মূল্যৰ ড্ৰাগছ জ্বলাই ধংস কৰে প্ৰশাসনে ৷

এই বিশেষ দিনটোত জিলা প্ৰশাসন তথা আৰক্ষীয়ে প্ৰতিজন লোকলৈ এই বৰবিহৰ পৰা আতৰি থকাৰ আহ্বান জনায় ৷ সকলোকে ড্ৰাগছৰ বিৰুদ্ধে সচেতন হৈ এই বৰবিহৰ কবলৰ পৰা আতঁৰি এখন ড্ৰাগছ মুক্ত অসম গঢ়ি তোলাৰ আহ্বান জনায় আৰক্ষীয়ে ৷

লগতে পঢ়ক: Illegal Cattle Smuggling: চোৰাংভাৱে সৰবাৰহ কৰা 12 হাল গৰু জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.