দুলীয়াজানত চোৰাং কনডেনছেট অইল ভৰ্তি বাহনসহ এজনক আটক

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 8:26 AM IST

thumbnail

ডিব্ৰুগড়ৰ, 11 ডিচেম্বৰ : উজনি অসমত বৰ্তমানেও সক্ৰিয় হৈছে চোৰাং তেল সৰবৰাহকাৰী চক্ৰ ৷ বহু সময়ত আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলায় চোৰাং তেল সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিছে যদি বৰ্তমানে অব্যাহত আছে চোৰাং তেলৰ বেহা ৷ দেওবাৰে দুলীয়াজানৰ ভাদৈ অঞ্চলত দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই অইল ইণ্ডিয়া লিমিটেডৰ চোৰাং কনডেনছেট অইল ভৰ্তি এখন বাহন জব্দ কৰে ৷ লগতে আৰক্ষীয়ে আটক কৰে বাহনখনৰ চালক মণ্টু মেচক ৷ জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS 23 DC 2048 ৷ 

জানিব পৰা মতে, জব্দ হোৱা তেলখিনি ভাদৈ অঞ্চলৰ পৰা মিনাৰেল ৱাটাৰ বটলত ভৰাই শিৱসাগৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল আটকাধীন মন্টুৱে ৷ ইফালে দুলীয়াজান চহৰ মাজমজিয়াৰ এটা ডেম্পৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে অইল ইণ্ডিয়া লিমিটেডৰ দুটাকৈ এক্স মাছ টিই ৷ উল্লেখ্য যে, দুলীয়াজানৰ এটা তৈলখাদৰ পৰা কেইদিনমান পূৰ্বে চোৰে এই এক্স মাছ টিই কাটি লৈ যোৱাৰ বাবেই অইল পাইপত বিস্ফোৰণ ঘটিছিল ৷ এই বিস্ফোৰণৰ পাচত তিনিদিনৰ মূৰত গেছ আৰু তেল নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল অইল ইণ্ডিয়া কৰ্তৃপক্ষ ৷ তেনে এটা গুৰুত্বপূৰ্ণ অংশ কেনেকৈ ডেম্পত উদ্ধাৰ হ'ল সেইটোৱে এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : সাংবাদিক বিদ্যুৎ মহন্তৰ আলফা(স্বা)ত যোগদান সন্দৰ্ভত এতিয়াও নিশ্চিত নহয় ডিব্ৰুগড় আৰক্ষী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.