ETV Bharat / state

সাংবাদিক বিদ্যুৎ মহন্তৰ আলফা(স্বা)ত যোগদান সন্দৰ্ভত এতিয়াও নিশ্চিত নহয় ডিব্ৰুগড় আৰক্ষী

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 9:52 PM IST

Updated : Dec 8, 2023, 2:46 PM IST

journalist Bidyut Mahanta Joins Ulfa I
Bidyut Mahanta in ULFA I

সাংবাদিক বিদ্যুৎ মহন্তই আলফা স্বাধীনত যোগদান কৰা সন্দৰ্ভত এতিয়াও নিশ্চিত নহয় ডিব্ৰুগড় আৰক্ষী ৷ নাগালেণ্ডৰ ম'ন জিলাত বিদ্যুৎ মহন্তৰ অৱস্থিতি পোৱাৰ কথা জনালে উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই ৷

সাংবাদিক বিদ্যুৎ মহন্তৰ আলফা(স্বা)ত যোগদান

মৰাণ, 7 ডিচেম্বৰ: আলফাৰ শিবিৰত আলফা কেডাৰক মৃত্যুদণ্ড দিয়াৰ লগতে এজনৰ পাছত আন এজন আলফা সদস্যই পলায়ন কৰি আত্মসমৰ্পণ কৰিছে । আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে শেহতীয়াকৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যাতে আলফা স্বাধীনলৈ কোনো যুৱক-যুৱতী যাবলৈ ইচ্ছা প্ৰকাশ নকৰে । একে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনাৰ মাজলৈ আহ্বান জনাই আহিছে । ইয়াৰ পাছতো উজনিত সদস্যভৰ্তিৰ বাবে তৎপৰ হৈছে আলফা স্বাধীন ।

চৰাইদেউ জিলাখনৰ প্ৰায় সংখ্যক চাহ বাগিচাত বৃহৎ পৰিমাণৰ ধন বিচাৰি আলফা স্বাধীনে দাবী পত্ৰ দিছে শেহতীয়াকৈ । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক বিদ্যুৎ মহন্তই বুধবাৰে পুৱাই ঘৰৰ পৰা নিজৰ মটৰ চাইকেলখন লৈ ওলাই যোৱাৰ পাছতে আলফা স্বাধীনত যোগদান কৰাৰ কথা সামাজিক মাধ্যমৰ জড়িয়তে ৰাজহুৱা কৰে ৷

এই কথা বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । সাংবাদিকৰ কলম এৰি কিয় হাতত অস্ত্ৰ তুলি লোৱাৰ দিশলৈ আগবাঢ়িল সাংবাদিক বিদ্যুৎ মহন্তই ! নিজে আলফা স্বাধীনত যোগদান কৰা বুলি এক দীঘলীয়া পোষ্ট সামাজিক মাধ্যমত দিয়াৰ পাছতে ডিব্ৰুগড় আৰক্ষী এই বিষয়টোক লৈ অধিক তৎপৰ হৈছে ।

এই ঘটনাক লৈ বৃহস্পতিবাৰে নাহৰকটীয়াৰ দুজন সাংবাদিকক নাহৰকটীয়া থানাত উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই বহু সময় জেৰা চলায় । উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত কয় যে যেতিয়ালৈকে আলফা স্বাধীনৰ তৰফৰ পৰা স্পষ্টীকৰণ প্ৰদান নকৰে তেতিয়ালৈকে সমগ্ৰ ঘটনাক নিশ্চিত কৰিব নোৱাৰি ।

লগতে তেওঁ কয় যে সাংবাদিক গৰাকীৰ মোবাইলৰ শেহতীয়া স্থিতি নাগালেণ্ডৰ ম'ন জিলাত নিশ্চিত কৰা হৈছে । ইয়াৰ উপৰিও বিদ্যুৎ মহন্তই লৈ যোৱা বাইকখন বিচাৰি অভিযান অব্যাহত ৰখা হৈছে । আজিৰ দিনটোলৈকে সাংবাদিক বিদ্যুৎ মহন্তই আলফা স্বাধীনত যোগদান কৰিছে নে নাই সেই কথাত ডিব্ৰুগড় আৰক্ষী নিশ্চিত হ’ব পৰা নাই ৷

ইফালে সাংবাদিকগৰাকী আলফা স্বাধীনলৈ যোৱা বুলি চৰ্চা হোৱাৰ লগে লগেই তেওঁৰ ঘৰ তথা পৰিয়ালত হুৱাদুৱা লাগে ৷ শোক ভাগি পৰা বিদ্যুতৰ মাতৃ অজ্ঞান হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰিছে সাংবাদিকগৰাকীৰ পিতৃ আৰু পত্নী ৷ সকলোৱে বিচাৰিছে ঘৰলৈ ঘূৰি আহক বিদ্যুৎ মহন্ত ৷ আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱালৈও বিদ্যুতক ঘূৰাই পঠিওৱাৰ বাবে আহ্বান জনাইছে পৰিয়াল তথা সুহৃদবৃন্দই ৷

লগতে পঢ়ক: বিদ্যুৎ মহন্তৰ আলফা স্বাধীনত যোগদানৰ পিচতে নাহৰকটীয়াৰ দুই সাংবাদিকক আৰক্ষীৰ জেৰা

Last Updated :Dec 8, 2023, 2:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.