Tingkhong road accident:টিংখাঙত তীব্ৰ বেগী বাহনৰ খুন্দাত এজন নিহত

By

Published : Aug 9, 2023, 9:21 PM IST

thumbnail

ডিব্ৰুগড়, 9 আগষ্ট : টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী । টিংখাঙৰ ঔগুৰিত ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে এই দুৰ্ঘটনা ।

ঔগুৰীৰ বুলু কুৰ্মী নামৰ পঞ্চাছৰো উৰ্ধৰ এজন ব্যক্তি চাইকেলেৰে নিজৰ ঘৰলৈ বুলি আহি থকাৰ সময়তে এখন তীব্ৰ বেগী বাহনে পাচফালৰ পৰা খুন্দা মাৰে চাইকেল আৰোহীজনক ৷ পথৰ দাঁতিত থকা ব্যক্তিজনক খুন্দা মৰাৰ ফলত ব্যক্তিজনৰ ঘটনাস্থলীতে মৃত্যু হয় । ঘটনা সংঘটিত কৰিয়েই বাহনখন তীব্ৰ বেগত ঘটনাস্থলীৰ পৰা উধাও হয় । ইফালে দুৰ্ঘটনাৰ পাচতে স্থানীয় বহু সংখ্যক লোকে বহুসময় ধৰি পথটো আৱদ্ধ কৰি ৰাখে ৷

উল্লেখ্য যে ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ পূৰ্বেও পথ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণ গৈছে । উপস্থিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰ বেগী বাহনক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আৰক্ষী সম্পূৰ্ণ ৰূপে বিফল হোৱা বাবেই এনে শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : Horrific road accident:জোনাইৰ তেলেমত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.