Horrific road accident:জোনাইৰ তেলেমত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Aug 9, 2023, 8:51 PM IST

thumbnail

জোনাই, ৯ আগষ্ট : ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলেমত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । জানিব পৰা মতে, জোনাইৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা এখন বাহনে চিমেন চাপৰিৰ পৰা জোনাই অভিমুখে আহি থকা এখন বাইক মহতিয়াই নিয়ে । ফলত বাইকখন চিলাপথাৰ দিশৰ পৰা জোনাই অভিমুখে আহি থকা AS01NC8865 নম্বৰৰ এখন ট্ৰাকৰ তলত সোমাই পৰে । লগে লগে বাইকখন জ্বলি উঠে আৰু লগতে তেলৰ গাড়ীখনো জ্বলি উঠে ৷

স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয় । গুৰুতৰভাৱে আহত বাইক আৰোহীজনক তেলেম প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক : Road accident in Dhubri : ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত 1 আহত 2

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.