Road accident: ধেমাজিত ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক, নিহত এজন

By

Published : Dec 14, 2022, 9:51 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কমাৰ গাঁৱত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Tragic Road Accidentin Demaji) ৷ ধেমাজি নগৰৰ অভিমুখে আহি থকা এখন বাইকক মহতিয়াই নিয়ে তীব্ৰ বেগী এখন ডাম্পাৰে ৷ ফলত বাইক আৰোহী লক্ষ্য পাইত নামৰ এজন বাইক আৰোহী থিতাতে নিহত হোৱা লগতে আন এগৰাকী লোক গুৰুতৰভাৱে আহত হয়(One death in road accident in Dhemaji) ৷ দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS 22B 8522 আৰু ড্ৰাম্পাৰখনৰ নম্বৰ AS 07 BC3411 ৷ ইফালে ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে পলায়ন কৰে যদিও আৰক্ষীয়ে কিছু দূৰত পথাৰৰ মাজত ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয়(Police seized dumper) ৷ অৱশ্যে চালকজনে ডাম্পাৰ এৰি পলায়ন কৰে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.