বন্যহস্তীৰ আক্ৰমণত কৃষকৰ কৰুণ মৃত্যু, কথমপি প্ৰাণৰক্ষা তিনি কৃষকৰ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:13 AM IST

thumbnail

চিৰাং, 30 নৱেম্বৰ : ৰাজ্যজুৰি দিনক দিনে বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাতৰ ঘটনা ৷ বৃহস্পতিবাৰে চিৰাঙৰ বিজনীৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী ফৰমাইশালিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে এজন কৃষকৰ। মৃত কৃষকগৰাকী গুলজাৰ হুছেইন(83) বুলি জানিব পৰা গৈছে ৷

কৃষকগৰাকীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষত এৰাল দিয়া গৰু আনিবলৈ যাওঁতে বন্যহস্তীৰ আক্ৰমণত মৃত্যুক আকোঁৱালি লয়। কৃষকজনৰ সৈতে অন্য তিনিজন কৃষকো গৰু চৰাবলৈ গৈছিল ৷ আন তিনিজন কৃষক কথমপি পলাই সাৰিবলৈ সক্ষম হয়।

লক্ষণীয় যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী অঞ্চলত প্ৰায়েই বন্যহস্তীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ তাৰ পিচতে বন্যহস্তী ৰোধৰ বাবে বন বিভাগে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ তৎপৰতা নোলোৱাৰ ফলতে এইদৰে লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি ভুক্তভোগী জনসাধাৰণে ক্ষোভ উজাৰে ৷

লগতে পঢ়ক: স্বাধীন অসমৰ সপোন পৰিহাৰ কৰি মূলসূঁতিলৈ চাৰি আলফা (স্বা) সদস্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.