Road accident in Nellie: নেলীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন

By

Published : Aug 17, 2023, 7:41 PM IST

thumbnail

মৰিগাঁও,১৭ আগষ্ট: মৃত্যুদূতলৈ পৰিণত হৈচে নেলী ৰাষ্ট্ৰীয় ঘাইপথ । সংঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা । পুনৰ বৃহস্পতিবাৰে মৰিগাঁও নেলীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই এজনে । মৰিগাঁও জিলাৰ জাগীৰোড তথা নেলী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দহালীৰ ৰাষ্ট্ৰীয় ঘাইপথত বিলাসী বাহনৰ চকা খুলি যোৱাৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিবপৰা গৈছে ।  

দুৰ্ঘটনাত থিতাতে নিহত আনন্দ স্বৰূপ নামৰ এজন লোক । মালিগাঁও ৰে'ল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আছিল আনন্দ । নিহত আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত বুলি জানিবপৰা গৈছে । AS01KC9253 নম্বৰৰ ইন’ভা গাড়ীৰে ডিমাপুৰলৈ যোৱাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা ।  

চলন্ত ইন’ভা গাড়ীখনৰ চকা খুলি যোৱাত নিয়ন্ত্ৰণ হেৰুৱাই ইন’ভাখনে খুন্দা মাৰে পথৰ দাতিত ৰৈ থকা  এখন ট্ৰাকত । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা ট্ৰাকখনৰ নম্বৰ AS01PC1354 । উল্লেখ্য যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত আনন্দ স্বৰূপৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও শ্বহীদ তিলক, হেমৰাম ,গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । 

লগতে পঢ়ক: Kidnapping in North Guwahati: দিন দুপৰতে উত্তৰ গুৱাহাটীত অপহৰণকাণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.