মৰিগাঁৱৰ মালপোতাত তীব্ৰ বেগী বাইকৰ খুন্দাত নিহত এজন

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:42 PM IST

thumbnail

মৰিগাঁও, 4 ডিচেম্বৰ : মৰিগাঁৱত সোমবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ সোমবাৰে সন্ধিয়া মৰিগাঁৱৰ ছাটনগুৰিৰ সমীপৱৰ্তী মালপোতাত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে সন্ধিয়া মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ছাটনগুৰিৰ সমীপৱৰ্তী মালপোতাত মৰিগাঁৱৰ দিশৰ পৰা ভূৰাগাঁৱলৈ গৈ থকা AS 21 F 1495 নম্বৰৰ পালচাৰ বাইকখনৰ খুন্দাত তপুধন দাস নামৰ এগৰাকী 70 উদ্ধৰ ব্যক্তি গুৰুতৰভাৱে আহত হয় ৷ 

স্থানীয় সচেতন ৰাইজৰ সহযোগত মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত আহত ব্যক্তিজনক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ব্যক্তিজনক অচিনাকি বাইক আৰোহীয়ে খুন্দিয়াই পলায়ন কৰে ৷ 

লগতে পঢ়ক : ডিৰাক কপাহতলিৰ সেনা চাউনীৰ সমীপত গ্ৰেণেড উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.