ETV Bharat / state

ডিৰাক কপাহতলিৰ সেনা চাউনীৰ সমীপত গ্ৰেণেড উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 8:52 PM IST

Updated : Dec 4, 2023, 10:14 PM IST

Hand Grenade Found at Dirak Kapahtoli
গ্ৰেণেড উদ্ধাৰ

ডিৰাক কপাহতলিৰ সেনা চাউনীৰ সমীপত গ্ৰেণেড উদ্ধাৰ ৷ এজন ব্যক্তিৰ ঘৰৰ চালৰ ওপৰত উদ্ধাৰ কৰা হৈছে গ্ৰেণেডটো ৷

সেনা চাউনীৰ সমীপত গ্ৰেণেড উদ্ধাৰ

নিউজ ডেস্ক, 4 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ ডিৰাক কপাহতলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ অঞ্চলটোত উদ্ধাৰ কৰা হৈছে এটা গ্ৰেণেড ৷ ডিৰাক কপাহতলিৰ সেনা চাউনীৰ সমীপত উদ্ধাৰ কৰা হৈছে গ্ৰেণেডটো ৷ কিছুদিন পূৰ্বে হোৱা বিস্ফোৰণৰ সময়ত গ্ৰেণেডটো নিক্ষেপ কৰাৰ সন্দেহ কৰা হৈছে ৷ অঞ্চলটোৰ কন্ঠেশ্বৰ চেতিয়া নামৰ লোক জনৰ ঘৰৰ চালৰ ওপৰত উদ্ধাৰ কৰা হৈছে গ্ৰেণেডটো ৷

ইফালে জানিব পৰা মতে ডিৰাক কপাহতলি সেনা শিবিৰৰ চৌপাশত গ্ৰেণেড বিস্ফোৰণ কৰিছিল আলফা স্বাধীনৰ অভিযানকাৰী গোটৰ দুধৰ্ষ সদস্য সৌৰভ অসমে ৷ গ্ৰেণেড বিস্ফোৰণ ঘটাবলৈ আহোতে মটৰচাইকেল চলাই সহায় কৰা ফিল’বাৰী চিকৰাজানৰ পৰাগ বড়া নামৰ যুৱকজনক সোমবাৰে আটক কৰি জেললৈ প্ৰেৰণ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

উল্লেখ্য যে, 22 নৱেম্বৰ বুধবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ডিৰাক কপাহতলীতেই সংঘটিত হৈছিল এক গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ ডিৰাক কপাহতলীত অৱস্থিত ভাৰতীয় সেনা বাহিনীৰ শিবিৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল গ্ৰেণেডটো ৷

সন্ধিয়া প্ৰায় 7 বজাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা ৷ মটৰ চাইকেলেৰে অহা আলফা (স্বা) ৰ সদস্যই গ্ৰেণেডটো নিক্ষেপ কৰিছিল বুলি জানিব পৰা গৈছে ৷ নিক্ষেপ কৰাৰ পাছতেই প্ৰচণ্ড শব্দৰে গ্ৰেণেডটো বিস্ফোৰিত হয় ৷ সেনা বাহিনীৰ শিবিৰৰ কাষতে পৰি গ্ৰেণেডটো বিস্ফোৰিত হয় ৷ অৱশ্যে এই গ্ৰেনেড বিস্ফোৰণত কোন লোক হতাহত হোৱা নাছিল ৷

আনহাতে এই ঘটনাৰ পিছতেই আৰক্ষীৰ এক বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে ততাতৈয়াকৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

লগতে পঢ়ক : ডিৰাকত ভাৰতীয় সেনা বাহিনীৰ শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ

Last Updated :Dec 4, 2023, 10:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.