Foreigners Tribunal: মৰিলেও নাযাওঁ যোৰহাট বিদেশী ন্যায়াধীকৰণলৈ: আইনাল হক

By

Published : Jul 22, 2022, 12:46 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাবন্দীয়া গাঁৱৰ হুছেইন আলীৰ পুত্ৰ আইনাল হকে পেটৰ তাড়নাত বিগত ১২ বছৰ পূৰ্বে শিৱসাগৰ ইটাভাটাত কাম কৰিবলৈ গৈছিল । সেই সময়তে সীমান্ত আৰক্ষীয়ে আইনাল হকৰ লগতে কেইবাগৰাকী লোকক অনুসন্ধান হিচাপে হাতৰ ছাপ লৈছিল । কিন্তু ১২ বছৰ পাছত আইনাল হকৰ নামত সন্দেহযুক্ত নাগৰিক বুলি এখন জাননী আহে(D voter in Assam) । জাননীত উল্লেখ অনুসৰি আইনাল হকে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে সীমান্ত আৰক্ষীয়ে । যাৰ কাৰণে ২৭ জুলাইত যোৰহাট বিদেশী ন্যায়াধীকৰণত ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ লৈ হাজিৰ হ’বলৈ কোৱা হৈছে আইনাল হকক । অন্যথা একপক্ষীয়ভাৱে আইনাল হকক বিদেশী ঘোষিত কৰা হ’ব বুলি জাননীত উল্লেখ আছে(Notice of suspected citizen of Border Police) । কিন্তু এই জাননী পোৱাৰ পাছত পিছত আইনাল হকে কয় মৰিলেও নাযাওঁ যোৰহাট বিদেশী ন্যায়াধীকৰণত । কাৰণ মই ভাৰতীয়, ভাৰতীয় বুলি প্ৰমাণ দিবলৈ যোৰহাটলৈ যাব নালাগে, মোৰ নামত ভোটাৰ আই ডি, ৰেচন কাৰ্ড, চৰকাৰী ঘৰৰ লগতে সকলো নথি-পত্ৰ আছে । গতিকে মই বিদেশী নহয়, মই ভাৰতীয় । উপায়ন্তৰ হৈ দাবন্দীয়া গাঁৱৰ ৰাইজে চৰকাৰ তথা সীমান্ত আৰক্ষীৰ এনে ভুৱা গোচৰ বন্ধ কৰাৰ দাবীত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে লগতে অনাগত দিনত ৰাইজক যাতে এনেধৰণৰ হাৰাশাস্তি নকৰে তাৰবাবে সকীয়াই দিয়ে ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খানৰ লগতে ৰাইজে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.